এ পি এছ চি কেলংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষীৰ শাস্তি ঘোষণা। এ পি এছ চি কেলংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড। ১৪ বছৰৰ কাৰাদণ্ডৰ লগতে ৰাকেশ পালক ২ লাখ টকাৰ জৰিমনা বিহিলে আদালতে। ৰাকেশ পালৰ সহযোগী ছামেদুৰ ৰহমান আৰু বসন্ত দলেক ১০ বছৰৰ কাৰাদণ্ড। লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে ছামেদুৰ ৰহমান আৰু বসন্ত দলেক। এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলংকাৰীতৰ সৈতে জড়িত আন ২৯গৰাকী অভিযুক্ত কৃষিবিষয়াক ৪বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ ঘোষণা কৰে।সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুঙক ৪ বছৰৰ কাৰাদণ্ড। ৪ বছৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনাও বিহিলে আদালতে।বিশেষ ন্যায়াধীশৰ আদালতে মুল অভিযুক্ত হিচাপে ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমানৰ সৈতে মুঠ ৩২গৰাকীক দোষী সাব্যস্ত কৰিছিল। ইয়াৰে ৩গৰাকীক ৰাজসাক্ষী হিচাপে ব্যৱহাৰ কৰিব আৰক্ষীয়ে।আনহাতে ইতিমধ্যে দোষমুক্ত কৰা ১১গৰাকী ভিতৰত ৬ গৰাকী প্রাৰ্থী আৰু ৫গৰাকী মধ্যভোগী। দোষমুক্ত ঘোষণা কৰা সকল হৈছে- বিকাশ পিন্সা, কৌশিক কলিতা, কুণাল দাস, জ্যোতিবন দত্ত, ফিৰোজ, বিউতি গগৈ, শৈজালী জোহৰী, ধৃতিমান ৰয়, মৌচুমী শইকীয়া, মোশ্বাৰফ হুছেইন। ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুণাল দাস।