এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০২৩ৰ ফলাফল ঘোষণা কৰে ।অসমৰ ৩২ খন জিলাৰ ১১৬ টা কেন্দ্ৰত মুঠ ২৩৫ টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল । এই পৰীক্ষাত ৬৭,২৫১ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল । মূল পৰীক্ষাৰ বাবে মুঠ ২৮৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে । তাৰ ভিতৰত ৭১৯ গৰাকী মহিলা, ১০৬ গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২ গৰাকী প্ৰাক্তন সৈনিক পৰীক্ষাৰ্থী আছে । অসম লোকসেৱা আয়োগৰ সচিবে এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে । বিবৃতিটোত উল্লেখ কৰা অনুসৰি এইবাৰ পোনপ্ৰথমবাৰৰ বাবে উক্ত পৰীক্ষাত মৰাণ মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে । মূল পৰীক্ষা জুলাই মাহৰ শেষভাগত অনুষ্ঠিত হ’ব । মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ কৰোৱা হ’ব । পৰীক্ষাৰ্থীসকলে উত্তৰসমূহ অসমীয়া মাধ্যমতো লিখিব পাৰিব বুলি অসম লোকসেৱা আয়োগৰ সচিবে জানিবলৈ দিছে । উল্লেখ্য যে ১৮ মাৰ্চত অনুষ্ঠিত হৈছিল অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ।প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত OMR শ্বীটত ব্যৱহাৰ হৈছিল কাৰ্বন কপি।