এৰি দিছো সপোন দেখা
দীপক ৰায়, ধুবুৰী
ৰাতি টোপনি নধৰে আজিকালি , গাৰুৰ ওপৰত মূৰটো দিলে মনৰ ভিতৰত এখন অনাকাংক্ষিত,অঘোষিত এক শীতল যুদ্ধ চলি থাকে । কেতিয়াবা জীৱনৰ ভৱিষৎৰ কথা ভাৱিব ধৰিলে মন,মগজুত হিমালয়ৰ বিশাল প্ৰকাণ্ড এক বৰফৰ টুকুৰা ভাগি পৰা যেন লাগে। মোৰো এনেকুৱা অনুভৱ হয় হয়তো আপোনাৰ বা বেলেগৰো হয়৷ কিন্তু সেইবুলি আমি কেতিয়াও ভৱিষ্যতৰ চিন্তা কৰা এৰি নিদিও,মই বা আপুনি জীৱনত দৈনন্দিন যিবিলাক কাম কৰো,সেইবিলাকৰ বেছিভাগেই ভবিষ্যতৰ কথা চিন্তা কৰিয়ে কৰো। আজিৰ আধুনিকতাই মানুহক ভবিষ্যতৰ চিন্তা কৰায় শিকাই।আজিৰ দিনত সুৰক্ষিত ভবিষ্যত এটা গঢ়াৰ মূল উপাদানেই হৈছে ‘টকা’- এটা সৰু শব্দ কিন্তু ক্ষমতা অপৰিসীম,বিস্তৃতি গোটেই বিশ্ব জুৰি; মোক বা আপোনাক নিমিষতে আকাশত পতা চাংত বহুৱাৱ পাৰে আকৌ নিমিষতে ৰসাতলৈ নিৱও পাৰে ।”টকা আছে জীৱন আছে,জীৱন আছে মানে টকা লাগিৱই লাগিৱ ” বাক্যটো পঢ়ি আপুনি হয়তো মোক ঠেক মনৰ মানুহ বুলি ভাবিছে, কিন্তু উপায় নাই ভাবিলেও উপায় নাই , কাৰণ এয়াই বাস্তৱ , পৃথিৱীৰ বেছিভাগ লোকেই এই আদৰ্শত গঢ়ি উটা ।”ৰঙীন যৌৱনতকৈ যে সোণৰ শৈশৱ কালেই ভাল” ইয়াকে উপলব্ধি কৰিছে বিপ্লবে । ফৰকাল আকাশ কিন্তু জোনাক ৰাতি নহয় এন্ধাৰ ৰাতিৰ সন্ধিয়াৰ সময়ত ঘৰৰ সন্মুখত কৃষ্ণচূড়া গছজোপাৰ তলত বাহেৰে বনোৱা চকী এখনত বহি আছে বিপ্লৱ আৰু সমৰজিত। বহি থাকোতেই বিপ্লৱে কৈ উঠিল – ” সমৰ, কৃষ্ণচূড়াবোৰ কিমান ধুনীয়াকৈ ফুলি আছে ন”।সমৰে হয় বুলি কৈ আকৌ ক’লে -” ঘৰত গৈ এটা কবিতা লিখিৱ লাগিৱ আজি এই কৃষ্ণচূড়াজোপাকলৈ ।” ” বৰ কবি তই লিখি যা লিখি যা ” বুলি কৈ আকৌ হুমনিয়াহ কাঢ়ি বিপ্লৱে ক’লে- ” মোৰো সপোনবোৰো যদি এনেকৈ ফুলি উঠিলহেতেন !”তেতিয়া তাক লৈও এটা কবিতা লিখিম তৎক্ষণাত সমৰে ক’লে আৰু হাহি উঠিল ।বিপ্লৱৰ আজি হৈছে কি প্ৰেমৰ বৰাগী কৃষ্ণচূড়াৰ তলত বহিও যেন তাৰ মনত আজি কেৱল ঘৃণাৰ আৱেশ । সমৰে বিপ্লৱৰ মনৰ এনে অৱস্থা দেখি শান্ত মনেৰে বিপ্লৱক ক’লে-” বিপ্লৱ! তোৰ হৈছে কি? এন্ধাৰমুৱা হৈছ কিয়? বিপ্লৱে লগে লগে ক’লে-” সপোনৰ চিতাত যেতিয়া দিঠক জ্বলি ছাই হয় তেতিয়া এন্ধাৰমুৱা নহৈ কি হৱি? ” ভালকৈ ক’চোন কি হৈছে তোৰ বুলি সমৰে আকৌ ক’লে।বিপ্লৱে হুমুনিয়াহ কাঢ়ি ক’লে -” তইচোন জানয় , মোৰ ইচ্ছা বহুদূৰ পঢ়িৱ , ইচ্ছামতে MA ,Ph.d কৰিম , কিন্তু ইমান দূৰ যাৱলৈ ভৰিত যেন শক্তি নোহোৱা হৈছে ,ভৰিৰ তলৰ মাটি যেন হেৰাই গৈ আছে । ঘৰখনৰ অৱস্থা দেখিলে এইবিলাক ডিগ্ৰী বাদ দি যিকোনো উপায়ে এতিয়াই টকা ঘটিৱ মন যায় । দেউতাইনো আৰু কিমান দিন লোকৰ ঘৰত বাঁহ ফালি থাকিৱ , মায়েনো আৰু কিমান দিন ফটা কাপোৰযোৰ পিন্ধি থাকিৱ,ভনীজনীও ডাঙৰ হৈ আহিছে তাইক আৰু কিমান দিন ঘৰত ৰাখিম । দেউতা পুৱাই ওলাই যায় আৰু সন্ধিয়া উভতি আহে, গোটেইটো দিন পৰিশ্ৰম কৰি ক্লান্ত হৈ পৰে, ঘৰত আহি অলপ কম-বেছি হলেই খংত জাঙুৰ খাই উঠে । এই সকলোবিলাকৰ সমাধান মাথো এটা সেইটো হ’ল টকা । এইবোৰ ভাবিলে মন যায় এতিয়াই টকা ঘটিৱ,মোৰ বাহিৰেনো আৰু ঘৰত কোন আছে মইয়ে একমাত্ৰ ল’ৰা । টকা,টকা , কেৱল টকা লাগে মোক”।সমৰে ইমান দেৰি মন দি শুনি থকাৰ পাছত বিপ্লৱৰ হাতখন ধৰি ক’লে -” তোৰ মোৰ পৰিস্থিতি একেই ,এই সময়খিনি এনেকুৱাই এফালে পৰিয়াল এফালে কৰ্মসংস্থাপন আৰু আনফালে প্ৰেম আৰু অলপ ধৈৰ্য্য ধৰ,সকলো ঠিক হৈ যাৱ । মই আছো তোৰ লগত , মইও সপোন দেখা এৰি দিলো,যি দেখিলো তাকেই আগত দিঠক কৰি লও আৰু শুন এই গীতাখন তোক দিলো , সদায় পঢ়িৱি মনটো যেতিয়া দুৰ্বল হ’ৱ এইখন পঢ়িৱি মনটো ফৰকাল হ’ৱ।