এৰাতিৰ যন্ত্ৰণা
→ পুলিন ডেকা
তোমাৰ বৈভৱ সুৰভিত এৰাপাতৰ স্মৃতি
সেইবোৰ তন্ময়তা নে গোপন মন্ত্রণা
প্ৰতিবিম্বিত ছাঁত মৰুৱা ফুলৰ ৰেঙনি
এঙামুৰিত সৰি পৰে মোৰ নিদ্ৰা সুখ
এৰাতিৰ যন্ত্ৰণা
উত্তাল যৌৱনত নাচি থাকে মোৰ
আজন্ম গ্রীষ্ম, উন্মাদ সপোনৰ সীৰলু
বিষণ্ণ প্ৰহৰত বাঢ়ি আহে তোমাৰ উপকূল
জীয়া কাহিনীৰ ভস্মীভূত পোহৰ
আৰু এটা নৰকংকাল
তোমাৰ বৈভৱত মই এৰাবাটৰ সুৰ
ভটিয়নী সোঁতত তল্মল্ কৰা আঙুলি
ক’লাবৰণীয়া শিল চটাত এতিয়াও
উৎপীড়িত হওঁ অজস্ৰ হাতুৰীৰ নৃত্যত।