” এহাল টুনি চৰাইৰ কাহিনী “-হিমাদ্ৰী বৰকটকী

PC-Wikipedia

” এহাল টুনি চৰাইৰ কাহিনী “

 

জুন মাহৰ কোনোবা এটা দিনত ৰাতিপুৱা শুই উঠি বাৰান্দাত হাতত চাহ কাপ লৈ বহি আছিলোঁ। তেনেতে দেখিলোঁ আমাৰ ঘৰৰ বাগিচাৰ এজোপা গছত টুনি চৰাই এহালে বাহ সাজিছে। মই হাতত চাহ কাপ লৈ বাৰান্দাত বহি বহি চাই আছিলোঁ গোতেই দৃশ্যটো । সিহঁতে মুখত এডাল এডালকৈ কাঠি – কামি, শুকান ঘাঁহ – বন, আনি বাহ সজা। মোৰ মনতো ভাল লাগি গ’ল চায় চায়। মই মাজে মাজে চাউল কেইটামান গছজোপাৰ তলত ছটিয়াই থওঁ । মই আতৰি গ’লে মতা মাইকী চৰাইহালে একান্ত মনে খায়। মই আতৰৰ পৰা মনে মনে চাই থাকো দৃশ্যটো সিহঁতে গম নোপোৱাকৈ।  লাহে লাহে চৰাই হালৰ বাহ সজা সম্পূৰ্ণ হ’ল। এদিন দেখিলোঁ মতাটো গছৰ ডালত বহি ইফালে সিফালে চাই আছে। আৰু মাইকী চৰাইজনী বাহটোত বহি আছে। সম্ভৱ কনী পাৰিছে মাইকী চৰাইজনীয়ে। দুদিনমানৰ মূৰত মই এদিন বাহটো জুমি চাওঁতে দেখিলোঁ বাহটোত চাৰিটা কনী আছে। কনী কেইটা সৰু সৰু। মোৰ মনটো দেখি ভাল লাগি গ’ল।  এদিন আগৰ দৰে বাৰান্দাত বহি থাকোঁতে দেখিলোঁ টপকৈ মাটিত কিবা এটা পৰি গৈছে। মই গছজোপাৰ ওচৰলৈ গৈ দেখিলোঁ কনী এটা মাটিত পৰি ফাটি গৈছে। মতা মাইকী চৰাইহালে খুব কোলাহল কৰিছে। মই ভালকৈ গছজোপালৈ মন কৰোঁতে দেখিলোঁ এডাল কাৰসলা সাপ গছজোপাত সাপডাল দেখি সিহঁতে চিঞঁৰিছে। কাৰন বাহত সিহঁতৰ কনী কেইটা আছে। মই বাৰি এডালে গছজোপা লৰাই দিলোঁ। লাহে তেতিয়া সাপডাল গলগৈ। মই বাহটো জুমি চালোঁ কিন্তু কনী কেইটা নেদেখিলোঁ । সম্ভৱ কনী তিনিটা সাপডালে খালে। আৰু এটা কনী মাটিত পৰি ফাটি থাকিল । মোৰ মনটো বিষাদৰে ভৰি পৰিল।চৰাই হালেও মন মাৰি বাহটোৰ চাৰিওফালে ঘূৰি থাকিল। সিহঁত আজি অসহায়। সিহঁতৰ সুখৰ সংসাৰখন মুহূৰ্ত্ততে থানবান হৈ গ’ল। পোৱালি কিটাই পৃথিৱীখন দেখিবলৈকে নাপালে। চৰাইহালৰ যে কিমান সপোন আছিল। সিহঁতৰ সপোন সপোন হৈয়েই ৰ’ল।  পিছদিনা মই আগৰ দৰে বাৰান্দাত বহোতে দেখিলোঁ চৰাই দুটা গছজোপাত নাই। আছে মাথোঁ সিহঁতে মৰমেৰে সজা বাহটো। লগে লগে মোৰ মনলৈ ভাব আহিলে চৰাইহাল চাগে মনৰ দুখতে গছজোপা এৰি গুচি গʼল । মোৰ মনটো খুব দুখ লাগি‌ গ’ল । সেইদিনাৰ পৰা আজিলৈকে মই চৰাইহালক গছজোপাত নেদেখা হʼলো । নিয়তিৰ কি পৰিহাস ! হয়তো এয়েই জীৱন পশু পক্ষী আৰু মনুষ্যৰ মাজত।

(সত্য ঘটনাৰ ওপৰত আধাৰিত)

হিমাদ্ৰী বৰকটকী
নগাঁও