এসাগৰ মৰম – ৰশ্মি ৰেখা দুৱৰা

এসাগৰ মৰম

ৰশ্মি ৰেখা দুৱৰা

ক’ত আছা তুমি?
চকুৰ পচাৰতে ক’ত যে হেৰালা!
বহুদিন হ’ল নেদেখা তোমাক
মোৰ দুচকুৱে বাৰে বাৰে তোমাকেই বিচাৰে
ভিৰৰ মাজত কিজানিবা তোমাৰেই দেখা হওঁ
আহিবানে পুনৰ ঘূৰি
জমা কৰি ৰাখিছোঁ এসাগৰ মৰম
হেঁপাহেৰে তোমাক যাঁচিবলৈ।
সপোনে-দিঠকে মাথোঁ তুমি আৰু তুমি
তুমি থকা হ’লে পাহাৰৰ কাষলৈ গ’লো হয়
পাহাৰৰ নীলাবোৰ যে তোমাৰ প্ৰিয়
সেইকথা মোৰ মনে কয়,
নিজম পৰত তোমাৰ স’তে মনৰ কথাৰে
প্ৰেম সাগৰত সাঁতুৰিবলৈ অলেখ হেঁপাহ।
ভাবিছিলোঁ শৰতৰ এসন্ধ্যা
তোমাক বিচাৰি লম মনৰ মাজত
পাতিম সংগোপনে বহুকথা
বতাহৰ হুৰহুৰণিয়ে বাধা দিলেও মানি নলওঁ,
কঢ়িয়াই লৈ ফুৰা কথাৰ জপনাখন খুলি দিম
মাথোঁ মৌন হৈ;
তুমি বুজ লবা মোৰ ভাৱনাবোৰ।
শৰতৰ ৰাতিৰ আকাশৰ চন্দ্ৰৰ মাজতো
তোমাকে দেখা পাওঁ
চন্দ্ৰটোৰ দৰে উজ্জ্বলি থাকা
তুমি এক বুজাব নোৱাৰা শিহৰণ
বুজিও নুবুজাৰ ভাও ধৰা নেকি তুমি,
পল অনুপল তোমাৰেই প্ৰতিচ্ছবি
শব্দহীন তোমাৰ বাবে মৰমৰ ভাষা
শৰতত নাহিলেও হেমন্ততে আহিবা
আঘোণৰ পথাৰতে মিলিব দুখনি হিয়া,
আঘোণৰ প্ৰতি ওপজিব দয়া
যাচিম তোমাক তেতিয়াই
অতদিনে সাঁচি ৰখা এসাগৰ মৰম।