এসপ্তাহৰ বাবে স্থগিত আইপিএলৰ মেচ

pc the indian express

এসপ্তাহৰ বাবে স্থগিত আইপিএলৰ মেচ

ৰঙিলী বাৰ্ত্তাসেৱা-  পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত হিচাপে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰ নামেৰ বিধ্বংসী মিছাইল আক্রমণ চলোৱাৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত চলিত আইপিএল ২০২৫ৰ পৰৱৰ্তী খেলসমূহ তাৎক্ষণিকভাৱে এসপ্তাহলৈ স্থগিত ৰখা হৈছে। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই বিবৃতিযোগে আইপিএল ২০২৫ তাৎক্ষণিকভাবে এসপ্তাহ স্থগিত ৰখা বুলি ঘোষণা কৰিছে। বিবৃতিটোত কয় যে বিচিচিআয়ে চলিত টাটা আইপিএল ২০২৫ তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এসপ্তাৰ বাবে স্থগিত ৰাখিছে। সংশ্লিষ্ট কর্তৃপক্ষ আৰু অংশীদাৰৰ সৈতে পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ পাছতহে পৰৱৰ্তী খেলৰ নতুন তাৰিখ আৰু স্থান ঘোষণা কৰা হ’ব। সকলো অংশীদাৰ আৰু অধিকাংশ ফ্রেনছাইচিৰ সৈতে পৰামৰ্শৰ পাছত আইপিএল গৱর্নিং কাউঞ্চিলে এই সিদ্ধান্ত গ্রহণ কৰে। ব্ৰ’ডকাষ্টাৰ, স্প’সৰ আৰু শুভাকাংক্ষীৰ লগতে খেলুৱৈসকলৰ সংবেদনশীলতাৰ উদ্বিগ্নতাক প্রাধান্য দি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। ইপিনে, বিবৃতিত সশস্ত্র বাহিনীৰ শক্তি আৰু সমৰসজ্জাত সম্পূর্ণ আস্থা প্রকাশ কৰে বিচিচিআয়ে। উল্লেখ্য যে ৮ মে’ৰ সন্ধিয়া জম্মু-কাশ্মীৰৰ পৰা পঞ্জাবলৈকে পাকিস্তানী সেনাৰ আক্ৰমণৰ ফলত পৰিস্থিতি উত্তেজনাময় হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ধৰমশালাত চলি থকা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মেচখন আধাতে বাতিল কৰিবলগীয়া হয়। বিদেশী খেলুৱৈসকলৰ উদ্বিগ্নতাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআয়ে মেচখন সাময়িকভাৱে স্থগিত ৰাখিছিল। এই মেচখন স্থগিত ৰখাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততেই নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইপিএলৰ পৰৱৰ্তী মেচসমূহ এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে।