এলীট ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ লাভলীনাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যবাসীক নৱবৰ্ষৰ উপহাৰ দিলে তাৰকা মহিলা বক্সাৰ অসম সন্তান লাভলীনা বৰগোহাঁয়ে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ গৌতম বুদ্ধ ইউনিভাৰ্ছিটাত সামৰণি পৰা এলীট পুৰুষ-মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বর্ণ পদক জয় কৰি উজলি উঠিল লাভলীনা। মহিলা শাখাৰ ৭৫ কেজিৰ ফাইনেল মেচখনত লাভলীনাই ৰে’লৱেৰ চানামাচা চানু থ’কচ’মক পৰাস্ত কৰি স্বৰ্ণ পদক অর্জন কৰে। মেচখনত অসম কন্যা লাভলীনাই ৰে’লৱেৰ প্ৰতিদ্বন্দ্বীগৰাকীক প্ৰত্যাহ্বান জনোৱাৰ কোনো সুযোগেই দিয়া নাছিল। একপক্ষীয় মেচখনত লাভলীনাই ৰে’লৱেৰ প্ৰতিদ্বন্দ্বীগৰাকীক ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক দখল কৰে। পুৰুষ আৰু মহিলা বক্সাৰৰ মাজত সমান্তৰালভাৱে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত প্রতিযোগিতাখনত অসমে তিনিটা পদক অর্জন কৰিবলৈ সক্ষম হয়। লাভলীনাৰ উপৰি অসমৰ আন দুগৰাকী প্ৰতিভাৱান বক্সাৰ অংকুশিতা বড়ো আৰু গীতিমণি গগৈয়ে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়। অংকুশিতাই শুকুৰবাৰে হৈ যোৱা ৫৪-৬০ কেজি শাখাৰ ছেমিফাইনেলত ৰে’লৱেৰ প্ৰিয়াৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে গীতিমণিয়ে ৬৫-৭০ কেজিৰ ছেমিফাইনেলত সৰ্বভাৰতীয় পুলিচৰ স্নেহাৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পূৰ্বে প্রতিযোগিতাখনৰ শুকুৰবাৰৰ ছেমি ফাইনেলত লাভলীনাই পৰাক্ৰমী প্ৰদৰ্শনৰ জৰিয়তে উত্তৰ প্ৰদেশৰ প্ৰতিপক্ষ ইমৰজ খানক ৫-০ পইণ্টত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।
