এলিভেটেড কৰিড’ৰৰ বিৰোধিতা গৌৰৱ গগৈ

এলিভেটেড কৰিড’ৰৰ বিৰোধিতা গৌৰৱ গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে কাজিৰঙাত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রী মোদীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া এলিভেটেড কৰিড’ৰ প্ৰকল্পটোৰ বিৰোধিতা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সাংসদ গৌৰৱ গগৈয়ে। নলবাৰীত সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কাজিৰঙাত এলিভেটেড কৰিড’ৰ স্থাপনৰ মুকলি বিৰোধিতা কৰি কয় যে এলিভেটেড কৰিড’ৰতকৈ যদি সেইখিনি ধন বানপানী সমস্যা সমাধানৰ বাবে মথাউৰি নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে দুখীয়া ৰাইজ বেছি উপকৃত হ’লহেঁতেন। সাংসদ গগৈৰ এনে মন্তব্যই সৰ্বত্ৰ বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজনৈতিক বিৰোধিতাৰ নামত অসমৰ উন্নয়নবিৰোধী স্থিতি লোৱাটো ৰাইজে সহজভাৱে ল’ব পৰা নাই। আনহাতে দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্রধানমন্ত্রী মোদী জুবিনক্ষেত্ৰলৈ যোৱাৰ আহ্বান জনাই কয় যে তাত তেওঁ জুবিন গাৰ্গক স্মৰণ কৰক আৰু প্ৰাণৰ শিল্পীগৰাকীক ভাৰতৰত্ন প্ৰদানৰ ঘোষণা কৰক। ইপিনে দিনজোৰা কাৰ্যসূচীৰে নলবাৰীলৈ অহা সাংসদ গগৈয়ে কেইবাটাও দলীয় কার্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে সাহিত্যাচার্য প্রয়াত ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লগত মত বিনিময় কৰে। সেইদৰে নলবাৰীৰ প্ৰতিষ্ঠিত সাহিত্যিক, কবি পংকজ গোবিন্দ মেধিৰ মিউজিয়ামত উপস্থিত হৈ মেধিৰ লগত বাৰ্তালাপ কৰে। ইয়াৰ পাছতে গগৈয়ে গুৰুজী আদ্য শৰ্মাৰ বাসগৃহত উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বে নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত কংগ্ৰেছ নেতাগৰাকীয়ে সেৱা লয়। নলবাৰী চহৰৰ থানা চ’কত থকা সংবিধান প্রণেতা ড° আম্বেদকাৰৰ প্ৰতিমূর্তিত শ্রদ্ধাঞ্জলি জনাই বিয়লি এক পদযাত্রাতো অংশ লয়। একেদৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক প্রয়াত দীপক কুমাৰ শৰ্মাৰ পানীগাঁৱৰ বাসগৃহত উপস্থিত হৈ শ্রদ্ধাঞ্জলি জনায়। গৌৰৱ গগৈৰ নলবাৰী ভ্ৰমণৰ সময়ত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বর্মন, প্রাক্তন বিধায়ক অশোক শর্মাই সংগ দিয়ে।