এলপিজি লোকচান পূৰণ কৰিবলৈ ৩ খন চৰকাৰী তেল প্ৰতিষ্ঠানক ২২ হাজাৰ কোটি টকাৰ অনুদান প্ৰদান কৰিব চৰকাৰে 

Pc- Tribune India

এলপিজি লোকচান পূৰণ কৰিবলৈ ৩ খন চৰকাৰী তেল প্ৰতিষ্ঠানক ২২ হাজাৰ কোটি টকাৰ অনুদান প্ৰদান কৰিব চৰকাৰে 

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা দুবছৰত ব্যয়তকৈ কম ঘৰুৱা ৰন্ধন গেছ এল পি জি বিক্ৰী কৰাৰ বাবে হোৱা লোকচান পৰিশোধ কৰিবলৈ কেন্দ্ৰই ভাৰতীয় তেল নিগম, ভাৰত পেট্ৰলিয়াম নিগম আৰু হিন্দুস্তান পেট্ৰলিয়াম নিগমক ২২ হাজাৰ কোটি এককালীন অনুদান প্ৰদান কৰিব। এই প্ৰতিষ্ঠানসমূহে গ্ৰাহকক চৰকাৰী নিয়ন্ত্ৰিত মূল্যত ঘৰুৱা এল পি জি বিক্ৰী কৰে। জুন ২০২০-জুন ২০২২ৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় এল পি জিৰ মূল্য প্ৰায় ৩০০% বৃদ্ধি পাইছে।।