এয়েতো জীৱন
এছ ইছলাম, শিক্ষক
প: মইনবৰী,বৰপেটা
জীয়াই থকাৰ ইচ্ছাৰে
চলিছে জীৱন সংগ্ৰাম
এমুঠি অন্যৰ বাবেই
কৰিব লাগে অহৰহ কাম।
সুদূৰত দেখা পালোঁ
ক্ষুদ্ৰ আশাৰ জিলিকনি
সিওঁ জানিবা মাথোঁ
মৰুৰ মৰীচিকা ভূমি ।
কত আশা কৰিছিলোঁ
কিমান গল্প ৰচিছিলোঁ
সকলো মাথোঁ অসাৰ
জীৱন যে বেকাৰ ।
সকলো কল্পনা মোৰ
সকলো জল্পনাবোৰ
নিমিষতে হ’ল ওৰ
অন্ত পৰিল আশা বোৰ ।
চাওঁতে চাওঁতে মোৰ
নুমাই গ’ল চাকি গছি
সংসাৰ নাটৰ আঁৰ
নিমিষতে পৰিল ওৰ ।
এইখন ধৰণিৰ বিচিত্ৰৰূপ
বুজি নাপালোঁ মই
দিনতে ডুবিল মোৰ
জীৱন তৰণিৰ ধূপ।
