এয়া জানো অন্ত – শৈলেন কুমাৰ

এয়া জানো অন্ত 

 শৈলেন কুমাৰ,মিৰ্জা

তাহানিতে শুনা সাধুসকলৰ বাক্য
আজিযে বাস্তৱত প্ৰতিফলিত
উন্মাদনা নিজেই নিজক কৰিছা ধ্বংস
অনুভূতিবোৰ যে হ’ল এক হাস্যব্যংগ ৷

আমি আধুনিক কিহৰ আধুনিক ?
মানৱতাক লজ্জিত কৰা,
জাতি,মাটি,ভেটি বেচি
নিজৰ মাজতে তহঁতে হ’লি ব্যভিচাৰী ৷

প্ৰকৃতিয়ে কৰিছে তৰ্জনগৰ্জন,কৰিছে আৰ্তনাদ
মোৰে সৃষ্টি,মোৰ তাতে মিলিবগৈ
অনায়াসে কিয় মোক নিঃশেষ কৰিছা
অভিলাষী বোৰৰ ভৰি চেলেকি,
তহঁতে নিজস্ব মেৰুদণ্ড হেৰুৱালি ৷

সুন্দৰতাক কলংকিত কৰি,বিকৃত কৰিলি
লোভমোহৰ মায়াত বন্দী হৈ উপজা পঁজাটিলৈ
কাল অমানিশা নমাই আনিলি,এয়া জানো অন্ত
ধ্বংসই কৰিব নেকি এই বিশ্ব জাতিষ্কাৰ,এয়া জানো অন্ত ৷

অতিথি আমি দুদিনৰ,উন্মত্ততাৰ ভেঁকোভাওনা
নিজক নুবুজি,নিজক নাজানি,মুৰ্খৰ স্বৰ্গৰ ৰজা
মাজত মাথোঁ দুটি নিশা, সম্মুখত বিয়লিবেলা
হাঁহি,স্ফুৰ্তি,ৰং তামাছা কৰা,কালে মাতিলে আৰু ক’ত পাবা?