এয়াৰ ইণ্ডিয়াৰ ৩ বিষয়াক অপসাৰণৰ নিৰ্দেশ

এয়াৰ ইণ্ডিয়াৰ ৩ বিষয়াক অপসাৰণৰ নিৰ্দেশ

ৰঙিলী বাৰ্ত্তাসেৱা- এয়াৰ ইণ্ডিয়াত ক্রু শ্বেডুলিং আৰু ৰষ্টাৰিঙৰ সৈতে জড়িত গাফিলতিক গুৰুত্বসহকাৰে লৈ ভাৰতৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) তিনিজন জ্যেষ্ঠ বিষয়াক আনুষংগিক সকলো দায়িত্বৰ পৰা আঁতৰাই নিবলৈ নিৰ্দেশ দিছে। সূত্র অনুসৰি এই তিনিজন বিষয়া অপাৰেচনেল লেপছৰ বাবে দায়ী বুলি ধৰা পৰিছে আৰু এতিয়া তেওঁলোকক কোনো ক্রু মেনেজমেণ্টৰ কামৰ পৰা আঁতৰাই ৰখা হ’ব। ডিজিচিএই এয়াৰ ইণ্ডিয়াকো এই বিষয়াসকলৰ বিৰুদ্ধে আভ্যন্তৰীণ অনুশাসনমূলক ব্যৱস্থা শীঘ্ৰে আৰম্ভ কৰিবলৈ আৰু ১০ দিনৰ ভিতৰত সংস্থাটোৰ অগ্রগতি আৰু ফলাফলৰ প্ৰতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে। বিমান সংস্থাটোৰ সুৰক্ষা আৰু পৰিচালনাৰ মানদণ্ডত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে। যোৱা ১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাগ্রস্ত হোৱাৰ পিছতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে। DGCA-ই এয়াৰ ইণ্ডিয়াক নিজৰ সময়সূচী প্ৰক্ৰিয়া উন্নত কৰিবলৈ কয় যাতে ভৱিষ্যতে এনে লেপছ পুনৰ নহয়। DGCA-এ স্পষ্ট কৰি দিছে যে এতিয়া বিমান সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব।