এমোন আশা দি দোমোন সপোন দেখাৰ কথাৰে – মৃগাংক বৰুৱা

Pc Google Play

এমোন আশা দি দোমোন সপোন দেখাৰ কথাৰে

মৃগাংক বৰুৱা
গোলাঘাট

দুৱাৰখন খুলি ৰওঁতেই
এছাটি নিৰ্মল বতাহেৰে
নীলা এখিনি সোমাই আহিল
যেন আকাশ এখনহে নামিল
সেয়াই তুমি…
সেই আকাশৰে বেলিটি হৈ
কণমানিৰ সৈতে তুমি কুশলে থাকা
তোমাৰ জন্ম দিনটোত এয়াই মোৰ আশা

পুৱাই প্ৰাৰ্থনা এটি গাইছোঁ আজি
তুমি কুশলে থকাৰ কথা ভাবি
গোঁসাই ঘৰৰ বন্তিগছিও আছে জ্বলি
এমোন আশা দিছোঁ বাকি
তাকেলৈ দোমোন সপোন দেখিবা বুলি…