এমুঠি হালধীয়া সপোন
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
এমুঠি হালধীয়া সপোন ক
সাঁচি ৰাখোঁ হৃদয়ৰ গুপুত কোণত,
য’ত সোণাৰু ফুলজাকে
আজিও সুবাসেৰে জীয়াই ৰাখে
তোমাৰ স্মৃতি মোৰ হৃদয় গভীৰত।
বতাহে যেন উৰুৱাই লৈ যায়
তুমি কোৱা অসমাপ্ত কথা,
আৰু মই শুনোঁ, জোনাকী নিশাৰ মাজত
সপোনবোৰৰ সোনোৱালী উশাহ।
হয়তো এদিন,
আহিব প্ৰেমৰ সোণালী প্ৰভা ,
ফুলি উঠিব পুনৰ সোণাৰু ফুল
লগতে আনিব এমুঠি ৰঙীণ, নৱ – আশা।