এমুঠি হাঁহিৰ সন্ধানত
আজি প্ৰায় এমাহ মানেই হ’ব, নৱনিতা বৰা, এগৰাকী নম্ৰ ভদ্ৰ , সহনশীল বোৱাৰী, এগৰাকী বাধ্য পত্নী, এটা সন্তানৰ যোগ্য মাতৃ, ভালদৰে এসাঁজ খাব পৰা নাই। আঁচলতে তাইক খাব দিয়া হোৱা নাই।
কাৰণটো তেনেই স্বাভাৱিক। আজি চৰকাৰে, বিভিন্ন চৰকাৰী – বেচৰকাৰী সংগঠনে যদিওঁ নাৰী সুৰক্ষা, যৌতুক প্ৰথা, লিংগ বৈষম্যৰ বিৰুদ্ধে প্ৰচাৰ চলাইছে। এনে বহুত পৰিয়াল আছে যিয়ে নিৰ্ভিকতাৰে এই দুস্কৰ্মবোৰ কৰি আছে আৰু আগলৈও কৰি যাব।
সমাজৰ আগত, আত্মীয় স্বজনৰ আগত ভদ্ৰতাৰ মুখটা পিন্ধা স্বামীৰ পৰিয়ালে ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ অভাগা বোৱাৰীৰ লগত শাৰিৰীক, মানসিক অত্যাচাৰ চলাই যায়।
তেনে এক নিকৃষ্ট মনৰ পৰিয়ালত বিবাহ সম্পন্ন হয় নৱনিতা বৰাৰ।
ঘৰৰ মানুহে ঠিক কৰি দিয়া মতেই তাই বিক্ৰমৰ হাতত ধৰি নতুন এখন পৃথিৱীত খোজ ৰাখিছিল। কিন্তু তাই সপোনতো কল্পনা কৰা নাছিল যে এই পৃথিৱীখন ইমান বেছি তিক্ত আৰু অমানৱীয় হ’ব পাৰে।
বিয়াৰ সময়ত তাইৰ দেউতাকে সাধ্য অনুসৰি যিমান খিনি পাৰে লগত দি পঠিয়াইছে।
লাগতীয়াল সামগ্ৰীসমূহৰ লগতে বিক্ৰমক মটৰ চাইকেল এখনো দিছে। দেউতাকে এইবোৰ যৌতুক বুলি নাভাবি,এইয়া ঘৰৰ ডাঙৰ ছোৱালী জনীৰ প্ৰতি থকা মৰম , দায়িত্ববোধ বুলি গণ্য কৰিছিল। আৰু তেখেতৰ মতে এইবোৰ হ’ল সদ্য বিবাহিত নৱজোঁৱাই গৰাকীক আশীৰ্বাদ হিচাপে দিয়া সৰু এটি উপহাৰ।
বিয়াৰ পাছৰ কেইটা মান মাহ বৰ সুখৰ আছিল নৱনিতাৰ বাবে। বিক্ৰমেও তাইক বৰ মৰম কৰিছিল। শাহুমা – শহুৰ দেউতাও তাইক নিজৰ জীৱৰীৰ দৰে আঁকোৱালি ৰাখিছিল।
সময়ত তাই সন্তান সম্ভৱা হ’ল। ঘৰখনত এক উলহ মালহ পৰিৱেশৰ সৃষ্টি হ’ল।
বিক্ৰমে অফিচৰ পৰা হাফ ছুটী লৈ আহি ওচৰ চুবুৰীয়া সকলোকে আনন্দত মিঠাই খোৱালে।
ঘৰখনত নতুন আলহী আহিব, সকলোৱে মিলি নৱনিতাক মৰম, যত্নৰে উপচাই পেলালে।
এই সকলো বোৰত তাই নিজকে বৰ ভাগ্যৱতী অনুভৱ কৰিবলৈ ধৰিলে। ইমান ভাল, সুখী , মৰমীয়াল পৰিয়াল তাইৰ কপালত আছিল। তাই পুৱা সন্ধিয়া ভগৱানক ধন্যবাদ দিবলৈ নাপাহৰিলে।
আকাশ ফৰকাল হৈ আছে বুলিয়েই যে বৰষুণ নহ’ব বুলি ভাৱি লোৱা হয়। ঠিক তেনেদৰে তাইয়ো সেই আগ জাননী নিদি নামি অহা বৰষুণ জাকক পাহৰিয়েই পেলাইছিল।
হস্পিতালত তাই এজনী মৰম লগা পৰীৰ দৰে বগা, ফুট ফুটিয়া কন্যা সন্তানৰ জন্ম দিলে।
তাই আশা কৰি আছিল যে বিক্ৰম আৰু তাৰ পৰিয়াল বহুত সুখী হ’ব। পৰীক লৈ আনন্দৰ উৎসৱ পালন কৰিব। কিন্তু তাই ভৱাবোৰ সম্পূৰ্ণ ওলোটা হে হ’ল গৈ।
তেঁওলোকে পুত্ৰ সন্তান হে আশা কৰি আছিল। ইমান দিনৰ আয়োজন, যত্ন, আদৰ কেৱল পুত্ৰ সন্তান অৰ্থাৎ বংশৰ উত্তৰাধিকাৰিৰ বাবে হে আছিল। তেনেস্থলত তাইৰ মৰমৰ পৰীয়ে যেন তেঁওলোকৰ আশাত চেঁচা পানী ঢালি দি এইখন পৃথিৱীত জন্ম ল’লে।
পৰীৰ জন্মৰ পাছৰে পৰাই ঘৰখনৰ পৰিৱেশ যেন সলনি হ’বলৈ ধৰিলে। বিক্ৰমেও তাইক অৱহেলাৰ সাগৰত গতিয়াই ঠেলি পঠিয়ালে। নিজৰ অংশকো মৰমত একোলা ল’বলৈ মন নকৰিলে।
তাই কিবা প্ৰশ্ন কৰিলে, কিয় এনে ব্যৱহাৰ কৰিছে আদি সুধিলে, তাইৰ গাত হাত উঠাবলৈও কুণ্ঠাবোধ নকৰে। পৰীজনী কান্দি থাকিলেও বিক্ৰমে তাইক এৰি নিদিয়ে, যেতিয়া লৈকে তৃপ্তি সহকাৰে তাইক ভোগ নকৰে।
ইমান বেছি নিৰ্দয়তা, অমানৱীয়তা কিয় মানে?
নতুনকৈ আন এটা বাজনা আৰম্ভ হৈছে তাইৰ হেঁপাহৰ পৰিয়ালৰ মানুহৰ মুখত। বিক্ৰমৰ হেনো অফিচ যাবলৈ অসুবিধা হয় মটৰ চাইকেলত। গাড়ী এখন লাগে।
আৰু বিক্ৰমৰ মাকৰ শেষ সিদ্ধান্ত;
যদিয়ে তাই গাড়ী এখন বিচাৰি নিজৰ দেউতাকক ফোন নকৰে, কথা বেয়া হৈ যাব।
কথা মতেই কাম। তাই ফোন নকৰিলে। কোনটো মুখেৰে কল কৰিব তাই। দেউতাৰ ঘৰৰ আৰ্থিক অৱস্থা তাই নজনা নহয়। ক’ত পাব দেউতাকে ইমান ধন? নোৱাৰে তাই বিক্ৰমৰ মাকৰ সপোন পূৰণ কৰিবলৈ।
তাৰ পাছৰে পৰাই মানসিক, শাৰীৰিক নিৰ্যাতন আৰম্ভ হৈ পৰে। ঘৰখনত বনকৰা বাইৰ দৰে তাই জীৱন নিৰ্বাহ কৰি আছে একমাত্ৰ নিজৰ দেউতাকৰ সন্মানৰ কথা ভাৱি আৰু তেনেই সৰু সন্তানৰ মুখৰ ফালে চাই।
আজিও বিক্ৰম আহিলে। পৰী জনী ভোকত কান্দি আছিল। বিক্ৰমৰ মাকৰ সুস্বাদু মাংসৰ আঞ্জা বনাওঁতে তাই পৰীক খোৱাবলৈও সময় পোৱা নাই। তাই আহিব বিচাৰিলেও মাকে আহিব দিয়া নাই।
অযথা গালি গালাজ পাৰি আছে তাইক আৰু তাইৰ কণমানি জনীক।
ধৰ্য্যৰো সীমা থাকে মানুহৰ। সীমা অতিক্ৰম কৰিলে মানুহে পত্যুত্তৰ দিবলৈ বাধ্য হয়।
আজি তাইৰ অৱস্থা তেনেকুৱা হ’ল।
শাহু মাকৰ কু – মন্তব্যৰ উত্তৰ দিছিল,, “পৰী আপোনাৰেই নাতিনী হয় মা। ইমান কঠোৰ কেনেকৈ হ’ব পাৰে আপুনি? তাই ভোকত কান্দি আছে। তাইৰ কি দোষ কওঁক চোন?”
বিক্ৰমৰ আগত সঁচা মিচাৰ টোপোলাটো খুলি দিছিল মাকে। মাকৰ ঘৰিয়ালৰ চকু পানী চাই বিক্ৰমে মোৰ মাক কষ্ট দিছ , কন্দোৱাইছ বুলি সেইদিনা নৱনিতাক বৰ ভয়ংকৰ ভাৱে প্ৰহাৰ কৰিলে।
বিষত তাই গোটেই ৰাতি কেকাই থাকিলে নিজৰ কণমানি জনীক বুকুত আঁকোৱালি লৈ।
পিছদিনা বিক্ৰমে মাকৰ কথা অনুসৰি নৱনিতাৰ দেউতাককক মাতি পঠিয়ালে।
দেউতাক আহিলত।
বিক্ৰমৰ মাকে নৱনিতাৰ বিৰুদ্ধে ৰামায়ণ খন খুলি ধৰিলে।
বিক্ৰমে দেউতাকৰ সমুখতেই দুবাৰ মান হাত পৰ্য্যন্ত তুলিবলৈ গ’ল।
দেউতাকে সকলো শুনি শেষত ক’লে,,
: ব’ল মাজনী, দৰকাৰী বস্তুবোৰ গোটাই ল।
: দেউতা,,,
: আগতে মোক কিয় কোৱা নাছিলি মা,,?
মোৰ ঘৰৰ লক্ষ্মী জনীক অলক্ষ্মী বুলি কোৱাৰ সুযোগেই নিদিলো হয়।
দেৰি নকৰিবি মা,, মোৰ ইয়াত উশাহ বন্ধ হৈ আহিছে।
দেউতাকৰ হাতত ধৰি তাই যি ওলাই গ’ল ভদ্ৰ বোৱাৰীৰ উৰণী খন গুচাই। পিছলৈ এবাৰো ঘূৰি নাচালে দ্বিতীয় বাৰ।
আজি পৰীজনী ডাঙৰ হ’ল। স্কুললৈ যাব পৰা হ’ল। তাই নিজৰ ভৰিত থিয় দি নিজৰ সন্তানৰ লগতে বাৰে বাৰে তাইক নতুন জীৱন দান কৰা জন্মদাতা পিতৃজনকো সুখত ৰাখিছে।
এমুঠি হাঁহিৰ সন্ধান দিয়া তাইৰ পিতৃৰ ওচৰত তাই চিৰ কৃতজ্ঞ। আজি তেখেতৰ বিশ্বাসী হাতখন মূৰৰ ওপৰত নাথাকিলে তাই আৰু তাইৰ কণমানি পৰীজনী হয়তো এইখন পৃথিৱীত জীয়াই নাথাকিল হেঁতেন।
তাইৰ লগত বিক্ৰমৰ আইনী ভাৱে বিচ্ছেদ ঘটে। তাৰ পাছৰ পৰা সি ক’ত আছে, কেনে আছে কি অৱস্থাত আছে কোনো খবৰ ৰখা নাই।
সমাজত আজিও এনে ধৰণৰ মানসিক ৰোগী চুকে কোণে লুকাই আছে। তেওঁলোকৰ স্বভাৱ চৰিত্ৰই কোনোবা জীৱৰী, মাতৃ, পত্নীক মৃত্যুৰ মুখত ঠেলি দি ফেনৰ লগত উলমি থাকিবলৈ বাধ্য কৰে। তেনে লোক আচলতে মানৱ সমাজৰ একো একোটা আৱৰ্জনা। সামাজিক ব্যাধি। এই ব্যাধি নিৰ্মূল কৰা বৰ জটিল।
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি।