এমুঠি সুখ
শৈলেন কুমাৰ, মিৰ্জা
এমুঠি সুখ বিচাৰি
খাই হাবাথুৰি
হৈছোঁ ডলাৰবগৰী
এয়া কি দেখিছোঁ
অন্ধকাৰে কৰিছে গ্ৰাস
নেদেখি পোহৰ আজি
চৌদিশে সৰ্বনাশ
মৃত্যু নহয় সুলভ
জীৱন মানে জটিলতা
নিজক নিজে কৰি হত্যা
হেৰুৱাইছো সৰলতা
ৰামৰাজ্যত ৰজাৰ শাসন
নিচাহ মগন প্ৰজাগণ
চৌদিশে জয়গান
সকলোৰে হৈছে উন্নয়ন
আলিপদূলি,ঘৰৰ চুকেকোণে
ৰাজনীতি,কূটনীতি
কৰিব পৰা যদি হৃদয়ংগম
সময়ৰ গতিত এমুঠি সুখ বিচাৰি
ভাগৰি পৰিছোঁ,হৈছোঁ ধৰাশায়ী
প্ৰলয় হব এদিন
সেয়া জানিবা নিশ্চয়
ধ্বংস হোৱাৰ পূৰ্বে
সম্ভৱতঃ পাৰিলে শেষবাৰৰ
বাবে বুটলি লোৱা এমুঠি সুখ
নিলাজৰ হাঁহি,
আৰ্তজনৰ আৰ্তনাদ
দুদিনৰ সুখ বিচাৰি
সৰ্বস্ব হেৰুৱালি
হাতৰ মুঠিৰ পৰা পিছলিল সময়
অন্তিম যাত্ৰা এয়া
মাগিলোঁ চিৰবিদায়
