এমুঠি সপোন – মীনাক্ষী বৰুৱা সূত 

এমুঠি সপোন

মীনাক্ষী বৰুৱা সূত 
লখিমপুৰ

সপোনবোৰ এনেকৈয়ে বাট কুৰি বায় ঘূৰি ফুৰে
মাজে মাজে নিৰৱতাৰ আশীৰ্বাদৰ প্ৰেৰণা বুটলে
সেউজীয়াবোৰে মুঠি মুঠি আশাবোৰ বুকুত গুজি কয়
জীয়াই থাকা আৰু জীয়াই ৰাখিবলৈ নাপাহৰিবা
সমীৰে শিখৰত মৰম যাচি কয়
নতুনৰ সৃষ্টিত আগুৱাই যাবলৈ নাপাহৰিবা
আৰু নিজৰাই বোৱতী নদীৰ ব্যস্ততাৰ কথা কয়
বোৱতী নদীৰ দৰে বৈ যাবলৈ নাপাহৰিবা
বৰ্ষা আহিলে সাগৰক অভিমান কৰি কয়
মৰম দিবলৈ নাপাহৰিবা
সেই মৰমৰ টোপোলাই হাতৰ পৰশত থাকি কয়
কাৰোবাক এমুঠি হাঁহি উপহাৰ দিবলৈ নাপাহৰিবা