এমুঠি বাসনা বিহীন ঠিকনা – ৰূপালী গগৈ চুতীয়া

Pc istock

এমুঠি বাসনা বিহীন ঠিকনা 

ৰূপালী গগৈ চুতীয়া
 ডিব্ৰুগড়

তুমি বিচৰাৰ দৰে
দিব পৰা হলেও এমুঠি বাসনা
তুমি সুখী হ’ব নোৱাৰা
কিয়নো ……
তুমি প্ৰতি দিনে বিচাৰি ফুৰা
এটি নতুন সুৰুজৰ ঠিকনা
সেয়ে আজিও তুমি আধৰুৱা ।
এবাৰ নিজকে সুধি চাব পাৰা
আনক দুখ দি
কোন সুখী হয়
পৃথিৱীখন তোমাৰ জানো হয়?
অহংকাৰ কাক লৈ কৰিছা ?
মায়া সকলো লগত কোনো নাযায়
সকলো এৰি যাব লাগিব
মৃত্যুৰ পাছত তোমাক
কোনে চিনি পাই
বাসনাৰ ঠিকনা বিহীন জীৱন
কাৰো কামত নাই
যদি পাৰা বিচাৰি চাবা
এমুঠি মৰমৰ বাসনা
মৰমৰ বাসনা ।