এবুকু স্মৃতি-বুলু শইকীয়া

Pc The Conversation
এবুকু স্মৃতি
               বুলু শইকীয়া, যোৰহাট 
এতিয়া আৰু
নাই কোনো অভিৰুচি মোৰ
হেঁপাহ আশা আকাংক্ষাৰ প্ৰয়োভৰ
নাসাজোঁ জাগ্ৰত সপোনত ঠুনুকা বালিঘৰ
নাভাবোঁ কইনা-দৰা খেলিম বুলি তোমাৰ সান্নিধ্যত
মোৰ জীৱন নামৰ কিতাপ খনিত
তুমি এতিয়া হেৰাই যোৱা
পৃষ্ঠা এখন মাথোঁ
যদিওবা প্ৰতিনিয়ত আমনি কৰে
স্মৃতিৰ ক’লা ৰুমাল খনে
সিদিনাই বুজিছিলো মই
যিদিনা প্ৰতাৰণাৰ সৰ্প ডালেৰে দংশন কৰি
আতৰি গৈছিলা বহু দুৰলৈ
আৰু মই বিষাচ্ছন্ন হৈ
মৃত্যুৰ স’তে যুঁজিছিলো
এতিয়া যে এচটা শিলৰ দৰে হ’লো মই
তুমি অবিহনে শিকি লৈছোঁ
জাৰ জহ নেওচি জীয়াই থাকিবলৈ ।।