এবুকু আৰ্তনাদ – সবিতা বেগম

এবুকু আৰ্তনাদ
সবিতা বেগম, বৰপেটা
ক্ৰমাৎ,
সূৰুযটো একেবাৰেই ক্লান্ত
বিলিন হ’লেই প্ৰায়
এন্ধাৰৰ বুকুত
ৰাস্তাটো তেনেই দীঘল
পূৰ্ণ নহ’লেই দলিল
ক’লা মেঘে আৱৰা গোটেই পৃথিৱী
ভৰষা কৰোঁ কাক,
লাঞ্ছনাৰ আঁচোৰ সমগ্ৰ হৃদয়ত।
মন সাগৰত অহৰহ ঊৰ্মি
সপোনবোৰ জানো সজীৱ হ’ব ?
মাথোঁ লেখহীন চিনাকি মুখ
আপোন জনৰ সমাগমত।
কেতিয়াবা !
স্মৃতিবোৰে বাৰুকৈ হুলস্থল কৰে
অতীতৰ সোণালী পৃষ্ঠাবোৰ ওলোটাই
মই বাৰুকৈ দুৰ্বল হৈ যাওঁ
শূন্যতাৰ বুকুত ভৰি দুখন
একেবাৰেই কোঙা হৈ যায়
বৰফে চেপি ধৰা পাহাৰৰ দৰে।
স্তব্ধ হৈ ৰং চোৱা তুমি
পিছে পিছে মাতো চিঞৰি চিঞৰি ।
মৃত্যুৱেও নেচায় এবাৰ কেৰাহি মাৰি
হয়!
তথাপি উশাহৰ ইচ্ছাত
জীয়াই আছোঁ
ঢোলখন বজাই…।