এবিভিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকৰ সামৰণি

এবিভিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- ‘জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰত সেই সময়ত কাৰাবন্দী হোৱা লোঁক সকলৰ ওচৰত যাব : এবিভিপি”৷ছাত্ৰ সমাজৰ হিতাৰ্থে আৰু ৰাষ্ট্ৰ পুনৰ নিৰ্মাণ আদি বিষয়ৰ ওপৰত বিশেষ আলোচনা। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ বিভিন্ন বিমৰ্ষ ওপৰত চৰ্চা। ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়ৰ কৃষি মণ্ডপমত ২৯ মে’ৰ পৰা ৩১ মে’ ২০২৫ তাৰিখলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। তিনিদিনীয়া এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৭৮ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকৰ পূৰ্বে ২৮ মে’ত পৰিষদৰ বিভিন্ন আয়ামৰ ওপৰত পৰ্যালোচনাৰ বাবে পৃথক পৃথক বৈঠকৰ আয়োজন কৰা হৈছিল, য’ত ২৫০ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। সভাৰ প্ৰাকক্ষণত এক বৃহৎ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়, য’ত ছত্তীশগড়ৰ সংস্কৃতি, জনজাতীয় পৰম্পৰা, দেশৰ শৌৰ্য্য কাহিনী, ৰাষ্ট্ৰীয় শিক্ষা নীতি, ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী, ৰাণী আবক্কাৰ ৫০০ সংখ্যক জন্ম জয়ন্তী, সংঘ শতবৰ্ষ আদি বিভিন্ন বিষয় সৃষ্টিশীলভাৱে প্ৰদৰ্শন কৰা হয়। ২৮ মে’ত আয়োজিত নাগৰিক অভিনন্দন অনুষ্ঠানত চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেৱ সাই মুখ্য অতিথি আৰু সন্ত শ্ৰী বাল্যেশ্বৰ ৰামবালক দাস মহাত্যাগী বিশেষ অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ লগতে ৰায়পুৰ চহৰৰ বিশিষ্ট নাগৰিক, বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন কাৰ্যকৰ্তা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি, সম্পাদককে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। ২৯ মে’ত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকৰ উদ্বোধনী সত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যাপক ৰাজশৰণ শ্বাহী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ বীৰেন্দ্ৰ সিং সোলংকি আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশীষ চৌহানে দ্বীপ প্ৰজ্বলন কৰি সভাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। তিনিদিনীয়া এই বৈঠকৰ অন্তিম দিনা ভাষাবিদ শ্ৰী চামু কৃষ্ণ শাস্ত্ৰীয়ে “ভাষাৰ জৰিয়তে ভৱিষ্যত ভাৰত” বিষয়ক বিশেষ বক্তৃতা প্ৰদান কৰে, য’ত তেওঁ ভাৰতীয় ভাষাসমূহৰ সংৰক্ষণ আৰু ইয়াৰ ব্যাপক ব্যৱহাৰৰ বাবে এক পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।তিনিদিনীয়া বৈঠকত চাৰিটাকৈ প্ৰস্তাৱ গৃহীত হয়: কোচিং ইনষ্টিটিউটৰ স্বেচ্ছাচাৰীতা নিয়ন্ত্ৰণৰ বাবে নীতি নিৰ্ধাৰণ, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য নিযুক্তি প্ৰক্ৰিয়াত অপ্ৰয়োজনীয় পলম হোৱাক লৈ উদ্বেগ, ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা আৰু বিশ্বজনীন পৰিস্থিতিৰ ওপৰত আলোচনা, বিশ্ববিদ্যালয় চৌহদত ক্ৰমবৰ্ধমান মতাদৰ্শগত অস্থিৰতা সমাধানৰ প্ৰস্তাৱ। এবিভিপিয়ে শেহতীয়াকৈ ভাৰতে চলোৱা ‘অপাৰেচন সিন্দুৰ’ আৰু ‘অপাৰেচন কাগাৰ’ত আমাৰ সেনাৰ সাহস আৰু কৌশলগত দক্ষতাক প্ৰশংসা কৰি ভাৰতীয় নিৰাপত্তা বাহিনীক ঐক্যবদ্ধ সমৰ্থন প্ৰকাশ কৰে।কাৰ্যনিৰ্বাহক সভাত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সম্পৰ্কীয় বিভিন্ন জ্বলন্ত বিষয়ৰ ওপৰত আলোচনা কৰি আগন্তুক কাৰ্যসূচীৰ ৰূপৰেখা নিৰ্ধাৰণ কৰা হয়। ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে তেওঁৰ জীৱন আৰু অৱদানৰ আধাৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা, য’ত সৰ্বভাৰতীয় পৰ্যায়ৰ হোষ্টেলৰ জৰীপ, গ্ৰন্থ প্ৰকাশ আৰু জন্মস্থানৰ মাটিৰ সৈতে পূজা আৰু তীৰ্থযাত্ৰা আদি কাৰ্যসূচী আদিৰ আয়োজন কৰা হ’ব। ৰাণী আব্বাকা জীৰ ৫০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। জৰুৰীকালীন অবস্থাৰ ৫০ বছৰীয়া জয়ন্তীৰ প্ৰেক্ষাপটত অহা ২৫ জুনৰ পৰা অহা দুবছৰলৈ বিশ্ববিদ্যালয় চৌহদত প্ৰাক্তন কাৰ্যকৰ্তা আৰু সেইসময়ৰ বন্দীসকলৰ সৈতে আলোচনা, সমাৱেশ আৰু স্মৃতি কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। যশৱন্তৰাও জীৰ জন্ম শতবাৰ্ষিকীত ৰাজ্যৰ কেন্দ্ৰত প্ৰাক্তন কাৰ্যকৰ্তাৰ সমাৱেশ, প্ৰশিক্ষণ শিবিৰ, ভাষণ, প্ৰদৰ্শনী আৰু সাহিত্য সৃষ্টিৰ দৰে কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। ইয়াৰ উপৰিও সংঘৰ শতবৰ্ষৰ লগত সংগতি ৰাখি সাংগঠনিক কাম-কাজৰ সম্প্ৰসাৰণ আৰু কামৰ মানদণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব আৰু ‘পঞ্চ পৰিৱৰ্তন’ৰ আহ্বানেৰে এক দৃঢ়প্ৰতিজ্ঞ অভিযান চলোৱা হ’ব।এই বৈঠকৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিল পৰিৱেশৰ দৃষ্টিকোণৰ পৰা কৰা পৰীক্ষামূলক প্ৰচেষ্টা। ‘শূন্য খাদ্য আৱৰ্জনা’ নীতি গ্ৰহণ কৰিছিল , জৈৱিক আৱৰ্জনাৰে পচন সাৰ তৈয়াৰ কৰিছিল। কাৰ্যসূচীত প্লাষ্টিকৰ নামৰ ফলকৰ সলনি গৰুৰ গোবৰেৰে নিৰ্মিত নামফলক ব্যৱহাৰ কৰা হৈছিল। এই বৈঠকে শিক্ষা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু ছাত্ৰ সমাজৰ স্বাৰ্থৰ প্ৰতি দায়বদ্ধ সংগঠন হিচাপে এবিভিপিৰ ভূমিকাক আৰু অধিক শক্তিশালী কৰা বুলি প্ৰমাণিত হ’ল।এবিভিপিৰ ৰাষ্ট্ৰীয় সভাপতি ড০ ৰাজশৰণ শ্বাহীয়ে কয়, “এবিভিপিয়ে বৰ্তমান সময়ত সংগঠনটোক সম্প্ৰসাৰণ কৰাই নহয়, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত, মতাদৰ্শগতভাৱে সচেতন আৰু সামাজিকভাৱে দায়বদ্ধ যুৱক-যুৱতীও সৃষ্টি কৰিছে। বিশ্ববিদ্যালয়সমূহত বাওঁপন্থী মতাদৰ্শৰ প্ৰভাৱ পৰাস্ত কৰাৰ বাবে এবিভিপিয়ে মতাদৰ্শগত সংগ্ৰামৰ নেতৃত্ব দিছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ বীৰেন্দ্ৰ সিং সোলংকিয়ে কয়, ‘এবিভিপিৰ সদস্য সংখ্যা প্ৰায় ৬০ লাখ হৈছেগৈ, যিটো ছাত্ৰ সমাজৰ মাজত সংগঠনটোৰ ব্যাপক গ্ৰহণযোগ্যতাৰ প্ৰমাণ। সংগঠনে বিভিন্ন পৰ্যায়ত ফলপ্ৰসূ কাৰ্যসূচী চলাইছে, শিক্ষা, পৰিৱেশ, ক্ৰীড়া, উদ্যোগীকৰণ আৰু সামাজিক সম্প্ৰীতি আদি বিষয়ত সৃষ্টিশীল কাম কৰিছে। ৰায়পুৰ সভাত ৰূপায়ণ কৰা পৰিৱেশৰ ওপৰত পদক্ষেপ যেনে প্লাষ্টিক ব্যৱহাৰ নকৰা, খাদ্যৰ অপচয় শূন্য আৰু জৈৱিক আৱৰ্জনা ব্যৱস্থাপনাই প্ৰমাণ কৰে যে এবিভিপি এটা উদ্ভাৱনীমূলক আৰু দায়িত্বশীল ছাত্ৰ সংগঠন এই সভাখন ধাৰণা, আলোচনা আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ক্ষেত্ৰত ঐতিহাসিক।”