এবিভিপিৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশনৰ সামৰণি
মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ সম্পৰ্কত প্ৰস্তাৱ গ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন উত্তৰ প্ৰদেশৰ গোৰখপুৰ চহৰত সামৰণি পৰে। যোৱা ২২ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিবেশনত বিভিন্ন ধৰনৰ ভাষণ সত্ৰ, সাংস্কৃতিক কাৰ্যসূচীৰ লগতে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়। ২২ তাৰিখে পতাকা উত্তোলনৰ পাছতেই পুনৰনিৰ্বাচিত সভাপতি ৰাজচৰণ শ্বাহী আৰু নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক ডা° বীৰেন্দ্ৰ সিং সোলংকীয়ে দায়িত্ব ভাৰ গ্ৰহণ কৰে। অধিবেশনৰ উদ্বোধনী অনুষ্ঠানত বিশেষ ভাৱে উপস্থিত আছিল বিশিষ্ট উদ্যোগী পদ্মশ্ৰী শ্ৰী শ্ৰীধৰ বেম্বু। অধিৱেশনৰ পূৰ্বে হোৱা কাৰ্যনিৰ্বাহক সভাৰ বৈঠকত শেহতীয়া মণিপুৰৰ পৰিস্থিতিৰ সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ ওপৰিও ৰাষ্ট্ৰীয় অধিবেশনত শৈক্ষিক সামাজিক বিভিন্ন বিষয় সামৰি চাৰিটাকৈ প্ৰস্তাৱ গ্ৰহন কৰা হয়। ইয়াৰ ওপৰিও মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত এবিভিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিবেশনত সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তা সকলৰ এক মিলন ভূমি হিচাপে পৰিগণিত হয় বাবে ইয়াত মিলন ঘটে সমগ্ৰ ভাৰতবৰ্ষ সাংস্কৃতি। অধিৱেশনৰ অন্তিম দিনাত অধ্যাপক যচৱন্ত ৰাও কেলকৰ যুৱ বঁটা প্ৰদান কৰা হয়। এই বৰ্ষত এই বঁটা প্ৰদান কৰা হয় বিশেষ ভাৱে সক্ষম শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত কাম কৰি অহা শ্ৰী দীপেশ নায়কক। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বঁটা প্ৰদান কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। ইয়াৰ ওপৰিও ডিচেম্বৰৰ ২৭, ২৮ আৰু ২৯, ২০২৪ তাৰিখে উত্তৰ লক্ষীমপুৰ চহৰৰ মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত সমগ্ৰ অসমৰ সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে এবিভিপি অসম প্ৰদেশৰ ৩০ সংখ্যক ৰাজ্যিক অধিবেশন অনুষ্ঠিত হ’বলৈ গৈ আছে।