এবিভিপিৰ সদস্য পদ গ্ৰহণত বিৰোধিতা

এবিভিপিৰ সদস্য পদ গ্ৰহণত বিৰোধিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি দলৰ উগ্র হিন্দু সাম্প্রদায়িক ভাৱধাৰাত পৰিচালিত ছাত্র সংগঠন এ বি ভি পি ( অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ) ৰ সদস্যপদ কলেজৰ অধ্যক্ষ আৰু অধ্যাপক সকলক প্রদান আৰু তেওঁলোকেও এইটো গ্রহণ কৰাৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাইও তাক সমর্থন কৰা পৰিঘটনাত প্রতিক্রিয়া প্ৰকাশ কৰি ছাত্র সংগঠন এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ পক্ষৰ পৰা আজি এক প্রেছ বিবৃতিত কোৱা হয় যে, অসম চৰকাৰে উন্নত মানৰ শৈক্ষিক পৰিৱেশ তৈয়াৰ কৰাৰ অজুহাতত একপিনে ৰাজ্যৰ শিক্ষকসকলক সামাজিক মাধ্যমত মন্তব্য প্ৰদানত নিষেধাজ্ঞা আৰোপ কৰা তথা শিক্ষা প্ৰাঙ্গনত যি কোনো ধৰণৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আয়োজনত সর্বোচ্চ আধিকাৰিকৰ অনুমতি লোৱাৰ ফৰমান জাৰি কৰিছে, আনপিনে চূড়ান্ত শিক্ষাবিৰোধী আৰু জনবিৰোধী জাতীয় শিক্ষানীতি, ২০২০ প্রণয়নত যাতে কোনোধৰণৰ বাধাৰ সৃষ্টি নহয় তাৰ কাৰণে বিৰোধী ছাত্র সংগঠনৰ কামত বাধা দিয়াৰ লক্ষ্যৰে অধ্যক্ষ সকলকো নিজৰ শিবিৰত জোৰ কৰি টানি আনি এ বি ভি পি’ৰ সদস্যপদ প্রদানক সমর্থন কৰিছে। কলেজৰ অধ্যক্ষ তথা অধ্যাপক সকল কিদৰে আৰু কি যুক্তিত ছাত্ৰ সংগঠন এটাৰ সদস্য হব পাৰে আৰু তাক ড০ উপাধিধাৰী মুখ্য মন্ত্ৰীয়েও সমৰ্থন জনাব পাৰে, ৰাজ্যৰ বিবেকবান মানুহে এনে যুক্তিহীন কাৰ্যকলাপক লক্ষ্য কৰিছে আৰু ইয়াৰ মাজেৰে সমাজখনক কোন দিশলৈ লৈ যাব বিচৰা হৈছে তাক ভাবি আতঙ্কিত হৈ পৰিছে। দেশৰ স্বাধীনতা আন্দোলনত উত্থাপিত আধুনিক গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাৰ দাবী অনুসৰি শিক্ষাৰ স্বাধিকাৰৰ অংশ হিচাপে দেশৰ শিক্ষকসকলে ছাত্রক সুশিক্ষিত কৰাৰ বাবে তেওঁলোকৰ চিন্তা আৰু মতামত প্ৰকাশৰ যিখিনি অধিকাৰ ভোগ কৰি আহিছিল, আজি দেশৰ সংকটগ্ৰস্ত পুঁজিবাদী ব্যৱস্থাৰ বিশ্বস্ত স্বাৰ্থৰক্ষাকাৰী কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰে শিক্ষকসকলৰ স্বাধীন চিন্তা প্ৰকাশৰ অধিকাৰ সমূহ কাঢ়ি লোৱাৰ পথ গ্ৰহন কৰিছে আৰু শাসকপক্ষৰ চিন্তা জাপি দি সমাজত ফেচীবাদ প্ৰবৰ্তনৰ পৰিপূৰক চিন্তাৰ যান্ত্ৰিকীকৰণ ঘটাব বিচাৰিছে। অসমৰ বর্তমান বিজেপি চৰকাৰে তথাকথিত চাৰ্ভিছ ৰুল বলবৎ কৰা কাৰ্য সেই পৰিকল্পনাৰেই অংশ মাথোন। এ আই ডি এছ অ’ই আৰম্ভণিৰে পৰাই ছাত্র আৰু শিক্ষকসকলৰ গণতান্ত্রিক অধিকাৰ সুৰক্ষিত ৰখাৰ পক্ষত সৰব ভূমিকা পালন কৰে আৰু অসম চৰকাৰে সম্প্ৰতি শিক্ষকসকলৰ ওপৰত জাপি দিয়া স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধেও তীব্র প্রতিবাদ সাব্যস্ত কৰি আহিছে । তেতিয়া অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্ৰীয়ে জনগণক বুজাইছিল যে উন্নত মানৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ বাবেই শিক্ষকসকলে যাতে কোনো ৰাজনৈতিক দলৰ মুখপাত্ৰ হিচাপে কাম কৰিব নোৱাৰে তাৰ কাৰণে নিষেধাজ্ঞা জাৰি কৰা হৈছে । অথচ আজি তেওঁলোকেই অত্যন্ত নির্লজ্জভাৱে নিজৰ গাদী ৰক্ষাৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত সাম্প্ৰদায়িক ছাত্র সংগঠন হিচাবে পৰিচিত এ বি ভি পি’ৰ সদস্য পদ মাথোন ছাত্ৰসকলকে নহয়, কলেজৰ অধ্যক্ষ আৰু অধ্যাপক সকলকো প্রদানৰ পক্ষত উকালতি কৰিছে । কাৰণ, তেওঁলোকে বুজিব পাৰিছে যে ৰাজ্যৰ উগ্র-সাম্প্রদায়িক আৰু উগ্র-প্রাদেশিকতাবাদী শক্তিৰ মদতত পৰিচালিত ছাত্র সংগঠনটোৰ বিভাজনবাদী মানসিকতাৰ প্রতি সাধাৰণ ছাত্ৰসকলৰ সমর্থন ক্রমশ হ্রাস হবলৈ ধৰিছে । ছাত্র ছাত্ৰীসকলৰ ভৱিষ্যত বিপন্নকাৰী ও শিক্ষাৰ প্রাণসত্বা ধ্বংসকাৰী জাতীয় শিক্ষানীতি, ২০২০ এৰ বিৰুদ্ধে ৰাজ্যব্যাপী তীব্র ছাত্র আন্দোলন গঢ়ি উঠাৰ সম্ভাৱনা তীব্ৰ হৈছে । এই কাৰণেই প্রশাসনিক নিষেধাজ্ঞা জাৰি কৰি প্ৰগতিশীল ছাত্র আন্দোলনক বাধা দিয়াৰ লক্ষ্যেৰে তেওঁলোকৰ প্ৰতিক্ৰিয়াশীল ছাত্র সংগঠন এ বি ভি পি’ক চৰকাৰে কামত লগাব বিচাৰিছে । এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ পক্ষৰ পৰা চৰকাৰৰ এনেধৰণৰ দ্বিচাৰিতা আৰু ফেচীবাদী কামৰ তীব্র সমালোচনা কৰে লগতে ইয়াৰ বিৰুদ্ধে ৰাজ্যৰ সকলো শুভবুদ্ধি সম্পন্ন মানুহ, বুদ্ধিজীৱী, শিক্ষাবিদ, শিক্ষাপ্ৰেমী জনসাধাৰণ তথা ছাত্র ছাত্রীসকলক সোচ্চাৰ হ’বলৈ আহ্বান জনোৱা হয়।