এবিভিপিৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহন আৰু পৰিষদৰ ৰাজ্যিক যুটীয়া সাংগঠনিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যই পৰিষদৰ উলুবাৰীৰ বৰঠাকুৰ মিল ৰোডৰ আশ্ৰয় এপাৰ্টমেণ্টৰ (বি ৩)ৰ এবিভিপিৰ মুখ্য কাৰ্যালয়ত আজি এখন সংবাদ মেল অনুষ্ঠিত কৰে।উল্লেখ থাকে যে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি কে বি প্ৰেক্ষাগৃহত এবিভিপিয়ে আগতীয়াকৈ প্ৰেক্ষাগৃহ বুক কৰি ‘ছাত্ৰ নেতা সন্মিলন’ অনুষ্ঠিত কৰিছিল। উক্ত কাৰ্য্যসূচী চলি থকাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু আৰু এন এছ ইউ আই গোটে প্ৰথম অৱস্থাত প্ৰেক্ষাগৃহত সোমাবলৈ বাধা প্ৰদান কৰাৰ উপৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ উপৰি পৰিষদৰ বেনাৰ, পোষ্টাৰ ফালি চিৰি জুই লগাই পুৰি পেলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। সম্পাদক হেৰল্ড মহনে দাবী কৰি কয় যে বিশ্ববিদ্যালয় চৌহদত আছুৰ কাৰ্য্যালয় স্থাপন কেনেকৈ সম্ভৱ হ’ল ? যদি আছুৰ কাৰ্য্যালয় থাকিব পাৰে তেন্তে অইন জন গোষ্ঠীৰও চৌহদত কাৰ্য্যালয় স্থাপন কৰাৰ অনুমতি প্ৰদান কৰক। তেওঁ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক জগৰীয়া কৰি কয়, উপাচাৰ্য আৰু পঞ্জীয়কো ইয়াত জৰিত আছে। কিয়নো বাৰে বাৰে অনুৰোধ কৰা স্বত্বেও কৰ্তৃপক্ষই পুলিচ প্ৰশাসনক খবৰ দিয়া নাছিল। বিশ্ববিদ্যালয় প্ৰশাসনকো তেওঁ এই ষড়যন্ত্ৰত চামিল থকা বুলি সন্দেহ প্ৰকাশ কৰে। উক্ত সংবাদ মেলত সম্পাদক আৰু যুটীয়া সম্পাদকৰ উপৰি সাংগঠনিক সম্পাদক বিপুল ৰাভা, বি বৰুৱা কলেজৰ আলোচনী সম্পাদিকা চয়নিকা পাঠক, চানমাৰী শাখাৰ কাৰ্য্যকৰ্তা ভৈৰৱী কলিতা উপস্থিত থাকে৷