এবিভিপিৰ উদ্যোগত ফাকুৱা উৎসৱ উদযাপন 

এবিভিপিৰ উদ্যোগত ফাকুৱা উৎসৱ উদযাপন 

ৰঙিলী বাৰ্ত্তাসেৱা- এবিভিপিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন স্থানত ৰঙৰ উৎসৱ ফাকুৱা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়, শিলচৰৰ অসম বিশ্ববিদ্যালয়কে ধৰি গুৰুচৰণ মহাবিদ্যালয়ৰ, কোকৰাঝাৰৰ গোহাঁই গাঁৱত বিভিন্ন কাৰ্যসূচীৰ জড়িয়তে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা হয়। ইয়াৰ উপৰিও বৰপেটা জিলাৰ ভৱানীপুৰত এক হোলী গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।কটন বিশ্ববিদ্যালয়ৰ বাকৰিত উৎযাপন হোৱা এই ফাকুৱা উৎসৱত বিশ্ববিদ্যালয় খনৰ প্ৰতিখন হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰি ফাকুৱা উৎসৱ উদযাপন কৰে।ইয়াৰ উপৰিও অসম বিশ্ববিদ্যালয়, শিলচৰৰ ফাকুৱা উৎসৱত বিশ্ববিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানত বিশেষভাৱে বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ৰাজীৱ মোহন পান্ত উপস্থিত থাকে৷কোকৰাঝাৰৰ গোহাঁই গাঁৱত অনুষ্ঠিত হোৱা ফাকুৱা উৎসৱত অঞ্চলটোৰ বহুতো ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ইয়াৰ উপৰিও বৰপেটাৰ ভৱানীপুৰ শাখাৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতন, ভৱানীপুৰৰ সহযোগত শিশু নিকেতন খনৰ বাকৰিত এক হোলী গীতৰ প্ৰতিযোগিতা আয়োজন কৰা হয়।