এবিধ অন্যতম জলপান চুঙা চাউল
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
চুঙা চাউল হৈছে এবিধ জলপান।বৰা চাউলেৰে প্ৰস্তুত কৰা হয়।আঘোণ মাহত ন-খোৱা পৰ্ব অনুষ্ঠিত কৰোঁতে চেৱাত দিয়া ভাতৰ লগতে চুঙা চাউলো ব্যৱহাৰ হয়।তদুপৰি বিহুৰ সময়ত,পুৱাৰ আহাৰৰ বাবেও চুঙা চাউল প্ৰস্তুত কৰা হয়।চুঙা চাউলৰ জলপানৰ সোৱাদ অপূৰ্ব।বিশেষকৈ উজনি অসমত চুঙা চাউলৰ জলপান বেছিকৈ গ্ৰহণ কৰা দেখা যায়।
আঠা জাতীয় অৰ্থাৎ বৰা চাউলেৰে চুঙা চাউল প্ৰস্তুত কৰা হয়।পোনপ্ৰথমে বৰা চাউলখিনি পানীত তিয়াই থোৱা হয়। ৩/৪ ঘণ্টা তিয়াই থলে কোমল হয়,ইচ্ছা কৰিলে এৰাতি তিয়াই থবলৈ পাৰি।তিয়াই থোৱা চাউলখিনি পানীৰ পৰা টুকি পানীখিনি নিগৰি যোৱাৰ পাছত বাঁহৰ চুঙাত ভৰাই জুইত পুৰিব লাগে।যিহেতু পানীত তিয়াই থওঁতে চাউলখিনি কোমল হৈ যায়,সেয়ে প্ৰয়োজন অনুসৰি অলপ পানী দিলে হ’ল।পানী নিদিলেও ভাপতে সিজি যায়।বাঁহৰ চুঙাটো কুমলীয়া বাঁহৰ ব্যৱহাৰ কৰা হয়।চুঙাটো পানীৰে ধুই শুকুৱাই ব্যৱহাৰ কৰা হয়।চাউলখিনি চুঙাত ভৰোৱা পাছত কলপাতেৰে টানকৈ সোপা দিব লাগে,যাতে ওলাই নপৰে।গছৰ পৰা কাটি অনা কলপাতেৰে সোপা দিলে কলপাতখন ফাটি চাউল ওলাই পৰাৰ সম্ভাৱনা থাকে।সেইবাবে ৰ’দত লেৰেলাই বা জুইত সেকি সোপা দিলে পাতখন নাফাটে।ৰঙা অঙঠা পৰা জুই হ’লে চুঙা চাউল পুৰিবলৈ ভাল।সোনকালে সিজে।এফালে পুৰাৰ পাছত আনফালে লুটিয়াই ভালকৈ পুৰিব লাগে।নহ’লে ভালকৈ নিসিজে।দুয়োফালে ভালকৈ পুৰাৰ পাছত অলপ সময়ৰ বাবে ঠাণ্ডা হ’বলৈ দি চুঙাটো কাটি উলিয়াই গ্ৰহণ কৰিব পাৰি।কাটি উলিওৱাৰ পাছত দেখিবলৈ যে কিমান ভাল লাগে।চুঙাটোৰ দৰেই হয় চুঙা চাউল।কেঁচা বাঁহৰ গোন্ধ,নতুন বৰা চাউলৰ গোন্ধ নাকত আহি লাগিলে জিভাৰ পানী পৰি যায়।গাখীৰ বা দৈ লগত গুৰ,ক্ৰীমৰ সৈতে পৰিৱেশন কৰিব পাৰি।মাঘৰ বিহুৰ পুৱা লাড়ু-পিঠাৰ লগতে এনেদৰে জলপানো গ্ৰহণ কৰা হয়।মিঠা খাই বেয়া পোৱা সকলে চব্জী লগতো পৰিৱেশন কৰিব পাৰে।
জলপানৰ ভিতৰত চুঙা চাউলৰ জলপানবিধ অন্যতম।শীতৰ কুঁৱলীসনা জাৰত জুইৰ কাষত বহি চুঙা চাউল পুৰা আমেজেই সুকীয়া।নতুন বৰা চাউলৰ চুঙা চাউলহে খাবলৈ সোৱাদযুক্ত হয়,পুৰণা হৈ গ’লে সোৱাদটো কমি যোৱা যেন লাগে।জাতি বাঁহ যিহেতু সহজে পোৱা যায়,সেয়ে কুমলীয়া জাতি বাঁহৰ চুঙাই ব্যৱহাৰ কৰা হয়।কাক বাঁহৰ চুঙাত পুৰিলেও খাবলৈ সোৱাদযুক্ত হয়।
