এবিটা আৰু ইউনিচেফৰ উদ্যোগত ডিকম চাহ বাগিচাত বাটৰ নাটৰ কৰ্মশালা সম্পন্ন

এবিটা আৰু ইউনিচেফৰ উদ্যোগত ডিকম চাহ বাগিচাত বাটৰ নাটৰ কৰ্মশালা সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ ডিকম চাহ বাগিচাৰ এজাক কিশোৰ কিশোৰীৰ মাজত অনুষ্ঠিত ১৫ দিনীয়া নাট কৰ্মশালাৰ আজি (২৮-৫-২৪) সফল সামৰণি পৰে। এবিটা জ’ন ১ আৰু ইউনিচেফৰ যুটীয়া উদ্যোগত যোৱা ১০ মে’ তাৰিখৰ পৰা অনুষ্ঠিত এই নাট কৰ্মশালা খনি পৰিচালনা কৰে নাট্যকৰ্মী বিষ্ণু গোহাঁয়ে। উল্লেখ্য যে সমাজত একাংশ লোকৰ মাজত আজিও প্ৰচলিত কিছু পূৰণা ধ্যান ধাৰণা যেনে লিংগ বৈষম্য, নাৰী পুৰুষৰ মাজত ভেদাভেদ আদিৰ লগতে নাৰী নিৰ্যাতন, সামাজিক ব্যাধি , শিশু শ্ৰমিক ব্যৱহাৰ আদিৰ বিৰুদ্ধে চাহ বাগিচা অঞ্চলত সজাগতা সৃষ্টি কৰাই আছিল নাট কৰ্মশালা খনিৰ মূল উপজীব্য। সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ প্ৰাপ্ত কিশোৰ কিশোৰী সকলে দুখনকৈ বাটৰ নাট প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে। অনুষ্ঠানত উপস্থিত থাকে বাগিচাৰ জ্যেষ্ঠ প্ৰৱন্ধক সমৰজিৎ চলিহা, উপ প্ৰৱন্ধক ঋষিৰাজ ভৰালী আৰু কল্যাণ বিষয়া পিকু কোঁৱৰ । আনহাতে, এবিটা -ইউনিচেফৰ হৈ অনুষ্ঠানত উপস্থিত থাকে শিশু সুৰক্ষা বিভাগৰ কাৰিকৰী পৰামৰ্শদাতা তিলোমণি গগৈ, চাৰ্কোল ক’অৰ্ডিনেটৰ উৰ্মিলা গগৈ আৰু বাগিচাৰ সমন্বয়ক পৰিণীতা দত্ত।