এবাৰ ভাবোঁ আহ্ক- ইকবাল হুছেইন

Pc UAB Medicine

এবাৰ ভাবোঁ আহ্ক

ইকবাল হুছেইন ,মৈৰাবাৰী

সাম্প্ৰতিক সমাজখনত দেখা গৈছে যে, প্ৰাথমিক পৰ্য্যায়ৰ পৰাই আমাৰ অনেকো ছাত্ৰ-ছাত্ৰীয়ে গুটখাৰ দৰে মাৰাত্মক ৰাগীয়াল দ্ৰব্যৰ কাষ চাপে, যি সমাজৰ বাবে অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে৷ গুটখা সেৱনৰ অপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানোঁ যদিওঁ পুনৰ দোহাৰিব বিচাৰিছোঁ যে, গুটখা সেৱনৰ ফলত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ-ব্যাধিৰ প্ৰাদুৰ্ভাৱৰ ঘটে৷ এনে মাৰাত্মক ৰোগৰ ফলত ৰোগীজনৰ লগতে তেওঁৰ পৰিয়াল-পৰিজন সকলোৱেই ভুক্তভোগী হ’ব লগা হয়। গুটখাৰ দৰে ৰাগীয়াল দ্ৰব্য সেৱন কৰি মৃত্যুৰ মুখত পৰাৰ উদাহৰণ বহুত আছে, নতুনকৈ কোৱাৰ প্ৰয়োজন আছে বুলি নাভাবোঁ, অথচ তাৰ পাছতো কিয় জানোঁ সেয়া সকলোৱে আওকাণ কৰি চলি আছে? আমি গৰ্ব কৰি কওঁ যে, নৱপ্রজন্ম হৈছে দেশৰ ভৱিষ্যত৷ পিছে দেশৰ ভৱিষ্যতেই এনে ৰাগীয়াল দ্ৰব্য সেৱন কৰি পংগু হৈ পৰে তেন্তে দেশ তথা সমাজ এখনৰ উন্নতি কেনেকৈ সম্ভৱ হ’ব? আমাৰ তৰুণ প্রজন্মক গুটখা আসক্তিৰ পৰা মুক্তি দিয়াবলৈ হ’লে পোনপ্ৰথমে গুটখা বিক্ৰী কৰা বন্ধ কৰিব লাগিব৷ অৱশ্যে গুটখা জাতীয় ৰাগীয়াল দ্ৰব্যসমূহৰ বিক্ৰী বন্ধ কৰিবলৈ চৰকাৰ-প্ৰশাসনে কাৰ্যকৰী হোৱাকৈ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মাজে সময়ে শুনি আহিছোঁ যে, গুটখা জাতীয় ৰাগীয়াল দ্ৰব্যসমূহ বন্ধ কৰিবলৈ চৰকাৰ-প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈছে যদিওঁ সফল হোৱা পৰিলক্ষিত নহল। সাম্প্ৰতিক আমাৰ ছাত্ৰ-ছাত্ৰীয়সকলৰ লগতে যুৱপ্ৰজন্মই এই সমস্যাৰ আশু সমাধান কৰিবলৈ আগবাঢ়ি আহিব লাগিব৷ গুটখা বন্ধ কৰাৰ সমান্তৰালকৈ ড্ৰাগছ বিৰুদ্ধেও যুঁজিব লাগিব, নকলে আমাৰ সুজলা সুফলা শস্য শ্যামলা ৰাজ্যখন ৰসাতলে যাব। অলসতাৰ হাৰ বৃদ্ধি পাব। বেকাৰত্তৰ সমস্যাই গা কৰি উঠিব। অপৰাধীৰ তালিকা দীঘলীয়া হ’ব। পঙ্গু হৈ পৰিব যুৱপ্ৰজন্ম। উশৃংখলাই দেখা দিব সমাজত। স্থবিৰ হৈ পৰিব উন্নয়নৰ গতিধাৰা। সভ্যতা-সংস্কৃতিৰে ভৰপূৰ এখন অসমৰ মান-স্বাভিমান লাঘৱ হ’ব। তদুপৰি ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰো অহিত হ’ব। গতিকে চৰকাৰ-প্ৰশাসনে হাতসাৱটি বহি নাথাকি সমাজৰ মাতব্বাৰ শ্ৰেণীৰ লোক, নাৰী শক্তি, যুৱসমাজ আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই প্ৰাণঘাটি মাদক দ্ৰব্যসমূহ বন্ধ কৰিবলৈ আহোপুৰুষাৰ্থ কৰা উচিত।—_