এবছৰীয়া জন্মদিনৰ দিনাই উদ্ধাৰ শিশুৰ মৃতদেহ

এবছৰীয়া জন্মদিনৰ দিনাই উদ্ধাৰ শিশুৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- গহপুৰৰ কোকিলা পথাৰত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ। পথাৰখনত পুৱাই গৰু দিবলৈ আহি গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। ঘটনা সন্দৰ্ভত গহপুৰ আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। অনুসন্ধানৰ পিছত শিশুটি সোঙালীবড়ি গাঁৱৰ শচীন বৰদলৈৰ পুত্ৰ বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, শিশুটিৰ আজি এবছৰীয়া জন্মদিন আছিল। এবছৰীয়া জন্মদিন উপলক্ষে কালি সন্ধিয়া ৬ বজাত ঘৰৰ পৰা শিশুটি দেউতাকৰ লগত ওলাই আহিছিল বজাৰ কৰিবলৈ বুলি। উক্ত সময়ৰ পৰা পিতা-পুত্ৰ সন্ধানহীন হৈ আছিল। ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় শিশুটিৰ। শিশু পৰাগজ্যোতি বৰদলৈৰ পিতৃ শচীন বৰদলৈ সম্প্ৰতি সন্ধানহীন হৈ আছে।