এবছৰত ৩০০০ টকাত পাৰ হ’ব পাৰিব ২০০খন টোলগেট
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত কৰাসকলৰ বাবে বৃহৎ সকাহ।কেন্দ্ৰীয় চৰকাৰে বার্ষিক FASTag পাছ ব্যৱস্থা প্ৰৱৰ্তনৰ ঘোষণা কৰিছে। এই FASTag পাছৰ জৰিয়তে ২০০বাৰ ভ্ৰমণ কৰিব পাৰিব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে টোলটেক্স নিয়মৰ এই সালসলনিৰ বিষয়ে আনুষ্ঠানিকভাবে ঘোষণা কৰে। এই নতুন টোলটেক্স নিয়মে সাধাৰণ নাগৰিকক সকাহ দিব। ৩০০০ টকাত বার্ষিক FASTag পাছ লাভ কৰিব আৰু এই পাছৰ জৰিয়তে বছৰত ২০০বাৰ ভ্ৰমণ কৰিব পাৰিব। কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে সামাজিক মাধ্যম এক্সত কয়- গুৰুত্বপূৰ্ণ ঘোষণা! এক ঐতিহাসিক সিদ্ধান্ত হিচাপে ১৫ আগষ্ট ২০২৫ৰ পৰা তিনি হাজাৰ টকা মূল্যৰ FASTag ৰ বাৰ্ষিক পাছ আৰম্ভ কৰা হ’ব। এই পাছ বলৱৎ হোৱাৰ দিনৰে পৰা এবছৰলৈ ২০০বাৰ যাত্ৰা কৰিব পাৰিব। এই ব্যৱস্থা কেৱল অব্যৱসায়িক ব্যক্তিগত বাহন কাৰ, জীপ, ভেন আদিত ব্যৱহাৰ হ’ব। ব্যক্তিগত বাহনসমূহৰ বাবে এই বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। সমগ্র দেশতে ৰাষ্ট্ৰীয় ঘাইপথত কোনো অসুবিধা নোহোৱাকৈ যাতায়াত কৰিব পাৰিব। তদুপৰি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে বার্ষিক পাছ সক্রিয়/নবীকৰণৰ বাবে শীঘ্ৰেই ৰাজমার্গ যাত্রা এপ আৰু এনএইচএআই/এমঅ’ আৰটিএইচ ৱেবছাইটত এক বিশেষ লিংকত উপলব্ধ কৰা হ’ব। এই প্রক্রিয়া সৰল।কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, ৬০ কিলোমিটাৰ সীমাৰ ভিতৰত থকা টোল প্লাজাক লৈ দীর্ঘদিন ধৰি চলি অহা বিতৰ্কৰ সমাধান হ’ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত মসৃণ কৰাৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰা হৈছে।