এপ্ৰিল ফুল দিৱস: আৰু ইয়াৰ তাৎপৰ্য – নাছিৰ আহমেদ

এপ্ৰিল ফুল দিৱস: আৰু ইয়াৰ তাৎপৰ্য
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
প্ৰতি বছৰে বিশ্বৰ সকলো ঠাইতে এপ্ৰিল ফুল দিৱস (April fools day) উদযাপন কৰা হয়। এই দিৱসটিৰ জৰিয়তে সকলোৱে মিলি জুলি প্ৰাণোচ্ছল হাঁহি -ফূৰ্তিৰে  অৱসৰ-বিনোদন কৰি জীৱনটোক আনন্দময় কৰি তোলে। নিৰ্দোষ  আমোদ-প্ৰমোদেই ইয়াৰ ঘাই শিপা । এপ্ৰিল ফুল দিৱসটিক বুদ্ধিমত্তাৰ দিৱস বুলিও কোৱা হয় ; কাৰণ এজন বন্ধুৱে আনজন বন্ধুক বুৰ্বক বনাবলৈ এই দিৱসটিত নানা ফন্দি-ফিকিৰ ৰচনা কৰে। যেনে ,টিফিন বক্স বন্ধুলৈ অৰ্পণ কৰে বা পঠিয়াই দিয়ে ; টিফিন বক্স সম্পূৰ্ণ খালি থাকে। ৰঙচঙীয়া পেকেটৰ টোপোলাত উপহাৰ পঠিয়াই দিয়ে ; অথচ তাতে সস্তিয়া উপহাৰ থাকে বা একোকে নেথাকে। বিভিন্ন পাৰ্টিলৈ নিমন্ত্ৰণী কাৰ্ড প্ৰেৰণ কৰে ; অথচ কোনো অনুষ্ঠানেই অনুষ্ঠিত নহয় । বন্ধুৰ ঘৰলৈ বুলি আহি বাছ আস্থানত ৰৈ আছে বুলি ফোন কৰে; অথচ বন্ধুক আগবঢ়াই ল’বলৈ গৈ দেখে যে বন্ধুজন অহাই নাই । কেতিয়াবা কেতিয়াবা কোনো বিশেষ বন্ধুৰ সুখবৰ বা দুৰ্ঘটনাৰ বাতৰি পৰিৱেশন কৰি প্ৰকৃত বন্ধুত্বৰ প্ৰমাণ লোৱাৰো চেষ্টা চলোৱা দেখা যায়। আমি সৰু থাকোঁতে স্কুলীয়া জীৱনত সহপাঠীৰ পিঠিত এপ্ৰিল ফুল লিখি কাগজৰ টুকুৰা ওলমাই দিছিলোঁ।  শ্ৰেণীৰ শিক্ষকৰ চকীৰ তলত এটুকুৰা মাটি বা শিল ৰাখি দিছিলোঁ; চাৰে আহি গম পাই সেইবোৰ আঁতৰাই দিছিল। অমনোযোগী শিক্ষকে আকৌ বাগৰি মাটিত পৰি গলে আমি সকলোৱে ” এপ্ৰিল ফুল, এপ্ৰিল ফুল বুলি চিঞৰি হাঁহি খিকিন্দালি কৰিছিলোঁ।  সিদিনাখন কিন্তু চাৰহঁতেও এপ্ৰিল ফুল হোৱাৰ বাবে খং কৰা নাছিল। এনেকৈ বিভিন্নজনে বিভিন্ন পদ্ধতিৰে পৰস্পৰে পৰস্পৰক এই দিৱসটিত নিৰ্দোষ ঠগ দিবলৈ উঠি পৰি লাগে। এবাৰ “এপ্ৰিল ফুল” ৰ দিনা এখন ভাৰতৰ জনপ্ৰিয় বাতৰি কাকতত ডাঙৰ ডাঙৰ হৰফেৰে প্ৰকাশ কৰিছিল যে, দক্ষিণ ভাৰত উত্তৰ ভাৰতৰ পৰা পৃথক হৈ স্বাধীন দেশ বুলি ঘোষণা কৰিছে। লগে লগে গোটেই ভাৰততে এই বাতৰিক কেন্দ্ৰ কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। তাৰ পিছত যেনিবা এয়া বিশেষ বাতৰি কাকতখনে ভাৰতবাসীক এপ্ৰিল ফুল বনাবলৈ চেষ্টা কৰিছে বুলি জানি সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছিল। যি কি নহওঁক, এই  “এপ্ৰিল ফুল” দিৱসটিত বিভিন্ন জনে বিভিন্ন জনক বুৰ্বক বনোৱাৰ বাবে যিবোৰ প্ৰেঙ্কৰ (prank) কুট কৌশল প্ৰয়োগ কৰা হয়, তাৰ যোগাত্মক বা বিয়োগাত্মক দুয়োটা দিশ আছে। মুঠতে  এই ” এপ্ৰিল ফুল” দিৱসটি কেতিয়াৰ পৰা কাৰ উৰ্বৰ মস্তিষ্কত উদ্ভাৱন হৈছিল,সি এতিয়াও ৰহস্যাবৃত হৈ আছে। এই বিষয়ে বিভিন্ন মতামত, তত্ত্ব, ঐতিহাসিক সাক্ষ্য প্ৰমাণ, নানা ধৰ্মীয় বিশ্বাস আৰু আনুমানিক ব্যাখ্যা উদাহৰণৰ সৈতে দাঙি ধৰা দেখা যায়। ইতিহাসবিদ সকলৰ মতে ১৫৮২ চনত যেতিয়া ফ্ৰান্সত জুলিয়ান বৰ্ষপঞ্জীৰ পৰা গ্ৰেগৰিয়ান বৰ্ষপঞ্জীলৈ সময়সূচী পৰিৱৰ্তন কৰা হৈছিল, তেতিয়া এই ” এপ্ৰিল ফুল” দিৱস “টিৰ সূত্ৰপাত হৈছিল। ইতিহাসবিদ সকলে মন্তব্য আগবঢ়াইছে যে, এক এপ্ৰিলৰ দিনা পোপ ত্ৰয়োদশ গ্ৰেগৰীয়ে ঘোষণা কৰিছিল যে, অহা বছৰৰ পৰা প্ৰাচীন জুলিয়ান বৰ্ষপঞ্জী মতে এক এপ্ৰিলৰ পৰা বছৰৰ আৰম্ভণি নধৰি এক জানুৱাৰীৰ পৰা বছৰৰ আৰম্ভণি হিচাপে গণ্য কৰা হ’ব। কিন্তু পৰিৱৰ্তন নিবিচৰা সকলে আগৰ দৰে এক এপ্ৰিলক বছৰৰ আৰম্ভণি হিচাপে খামুচি ধৰি থকাৰ বাবে পৰিৱৰ্তন বিচৰা সকলে এই এক এপ্ৰিলত তেওঁলোকৰ পিঠিত  পেপাৰ ফিচ (Paper fish) লগাই দি ফূৰ্তি-তামচা কৰিছিল।  আৰু ফূৰ্তি-তামচাৰ বলি হোৱা পৰিৱৰ্তন নিবিচাৰি এক এপ্ৰিলত বছৰৰ আৰম্ভণি বুলি ভৱা লোকসকলক এতিয়াও ফ্ৰান্সত Poisson d’Avril বা এপ্ৰিল ফিচ বুলি ঠাট্টা কৰা হয়।
ৰোমান মিথ মতে, ৰোমান মৃত্যু-দেৱতা প্লুটোৱে যেতিয়া তেওঁৰ ” স্ত্ৰী” পাৰছিফনক অপহৰণ কৰি আনিছিল, তেতিয়া পাৰছিফনৰ মাতৃ ছেৰিছে জীয়েকক বিচাৰি বিচাৰি হায়ৰান হৈ গৈছিল। তাৰ পিছতহে মাতৃ ছেৰিছে গম পালে যে, তেওঁৰ জীয়েক এই পৃথিৱীৰ পৰা বহু দূৰৈত পৃথিৱীৰ অন্তৰ্ভাগত (Underworld) গৈ আছেগৈ। জানি তেওঁ নিজৰ বুৰ্বকামী ধৰিব পাৰিলে। এই ঘটনাৰ সূত্ৰ ধৰি “এপ্ৰিল ফুল দিৱস”টি আৰম্ভ হ’ল বুলি কোৱা হয়।
বাইবেলৰ মিথ মতে,যেতিয়া গোটেই বিশ্বজুৰি প্ৰবল বানপানীত প্লাবিত হৈছিল, তেতিয়া হজৰত নূহ নবীয়ে (আঃ) ত পানী কমি যোৱাৰ আশা কৰি পাৰ চৰাই উৰি দিছিল। তেওঁ বিশ্বাস কৰিছিল যে, পাৰ চৰাই ওখ ঠাই বিচাৰি পাই তাতেই আশ্ৰয় গ্ৰহণ কৰি দুনাই উভতি নাহিব। কিন্তু, পাৰ চৰাই নূহ নবীক ( আঃ) বুৰ্বক বনাই উভতি আহিল। তেনেকৈ “এপ্ৰিল ফুল” দিৱসটিৰ সূচনা হ’ল।
ব্ৰিটিছ গথাম থিওৰি মতে, ব্ৰিটেইনৰ নথিংহমশ্বায়াৰৰ গথাম চহৰৰ মানুহবোৰ সম্পূৰ্ণ ৰূপে বুৰ্বক আছিল। ত্ৰয়োদশ শতিকাত ব্ৰিটেইন ৰাষ্ট্ৰৰ প্ৰচলিত নিয়ম আছিল,ৰজাই ৰাষ্ট্ৰৰ যিখন ঠাইত পদাৰ্পন কৰিব, সেই ঠাইখন ৰজাৰ ৰাষ্ট্ৰৰ সম্পত্তি হিচাপে পৰিগণিত হ’ব। সেই হিচাপে ৰজাই সৈন্য-সামন্ত লৈ গথাম চহৰখন আক্ৰমণ কৰাত গথামবাসীয়ে চহৰৰ দুৱাৰ মুখতে প্ৰচণ্ড ভাবে বাধাৰ সৃষ্টি কৰিলে। ৰজাই বলপূৰ্বক ভাবে চহৰখনত প্ৰৱেশ কৰি দেখিলে যে, ইয়াৰ নাগৰিকসকলে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰি বুৰ্বকৰ দৰে কিছুমান কাৰ্যকলাপ কৰি আছে। তেতিয়া ৰজাই উভতি আহি গথামবাসীক স্বাধীন বুলি ঘোষণা কৰিলে। এই ঐতিহাসিক ঘটনাৰ পৰাই “এপ্ৰিল ফুল” দিৱসটি উদ্ যাপন হ’বলৈ ধৰিলে।
মুছলিম ঐতিহাসিক সকলে কয় যে, স্পেইনত বসবাস কৰা মুছলমান ৰজাৰ সৈতে খৃষ্টান ৰাণীৰ যি শান্তিৰ চুক্তি হৈছিল, কিন্তু সেই শান্তিৰ চুক্তি ভঙ্গ কৰি স্পেইনৰ শাসনকৰ্তাই তাত বসবাস কৰা মুছলমান আৰু ইহুদীসকলক হয় ক্যাথলিক ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল , নাইবা তেওঁলোকক নানা নিৰ্যাতন কৰি দেশৰ পৰা বহিষ্কাৰ কৰিছিল। ১৫১০ চনৰ এক এপ্ৰিলত এই দেশৰ ৰাণীৰ নিৰ্দেশ মৰ্মে কেইবালাখ মুছলমানক মছজিদত আৱদ্ধ কৰি জুই লগাই নিষ্ঠুৰ ভাবে হত্যাকাণ্ড সংঘটিত কৰা হৈছিল। তেনেকৈ লাখ লাখ ইহুদীক নিধন কৰা হৈছিল।  যাৰ কাৰণে, মুছলিম সকলে “এপ্ৰিল ফুল” দিৱসটিক আনন্দ-বিনোদনৰ দিৱস  নহয় ; মৰ্মান্তিক কৰুণ শোকৰ দিৱস হিচাপে গণ্য কৰে।
অৱশ্যে, বৰ্তমান আধুনিক ঐতিহাসিক সকলে ষোল্ল শতিকাত স্পেইনত মুছলমান আৰু ইহুদীসকলক কৰা নিৰ্যাতন আৰু নিধন যজ্ঞৰ লগত ” এপ্ৰিল ফুল” দিৱসটিৰ কোনো ঐতিহাসিক সম্পৰ্ক নাই।
গতিকে, এক কথাত কব পাৰি, বছৰৰ প্ৰতিটো দিনত বিভিন্ন  কৰ্ম-ব্যৱস্থাৰ মাজেৰে  নিৰস, যান্ত্ৰিক,একঘেয়ামী গধুৰ বোজাৰে দুৰ্বিসহ যন্ত্ৰণাৰ পৰা ৰেহাই পাবলৈ বছৰৰ কমেও এদিন এপ্ৰিল মাহৰ প্ৰথম দিনটোতেই নানা আনন্দ-বিনোদন, হাঁহি -ধেমালি, নিৰ্দোষ আমোদ-প্ৰমোদ কৰি জীৱনটোক ৰঙীন কৰি তোলাই হৈছে এই ” এপ্ৰিল ফুল” দিৱসটিৰ মূল তাৎপৰ্য।