এপ্ৰিলত ভাৰতত নিবনুৱাৰ হাৰ ৭.৮৩% লৈ বৃদ্ধি 

pc The Economic times

এপ্ৰিলত ভাৰতত নিবনুৱাৰ হাৰ ৭.৮৩% লৈ বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা-  চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি (চিএমআইই)ৰ তথ্য অনুসৰি, ভাৰতত নিবনুৱাৰ হাৰ ২০২২ চনৰ এপ্ৰিলত ৭.৮৩% লৈ বৃদ্ধি পাইছে, যি মাৰ্চ ২০২২ ত ৭.৬০% আছিল। হাৰিয়ানাত সৰ্বাধিক ৩৪.৫% নিবনুৱাৰ হাৰ নথিভুক্ত কৰা হৈছিল। ইয়াৰ পিছত ৰাজস্থানত ২৮.৮%, বিহাৰত ২১.১%, জম্মু-কাশ্মীৰত ১৫.৬%, গোৱাত ১৫.৫% আৰু ত্ৰিপুৰাত ১৪.৬%।