এপিএছচি কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

এপিএছচি কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এপিএছচি কেলেংকাৰিক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত  ৰাজ্য চৰকাৰে ২১জন ৰাজপত্ৰিত বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰে। নিলম্বিত কৰা এই ৰাজপত্রিত বিষয়াসকলৰ ভিতৰত চাৰিজন এচিএছ, ১১ জন এপিএছ, এজন আবকাৰী পৰিদর্শক, দুজন সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক আৰু তিনিজন সহকাৰী নিয়োগ বিষয়া। মাকুমত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে  এপিএছচিৰ প্রার্থী বাছনি কেলেংকাৰি সম্পৰ্কত গুৰুত্বপূর্ণ মন্তব্য কৰে। তেওঁ কয় যে ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা আয়োগে প্রতিবেদনযোগে যিসকলৰ নাম চৰকাৰৰ হাতত দিছিল, প্রত্যেকৰে নাম চালিজাৰি চাই চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে। যিসকলে অতিৰিক্ত নম্বৰ পোৱাৰ বাবে চাকৰি পাইছে, সেই সকলোকে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। আনহাতে কিছুসংখ্যক এনে বিষয়া আছে যিসকলে আন ধৰণে হ’লেও বাছনি হ’লহেঁতেন। সেইটো বেলেগ কেটেগৰী হিচাপে লোৱা হৈছে। বাছনি নহ’বলগীয়া হোৱাসকলক বেলেগ কেটেগৰীত লোবা হৈছে। এই দুটা কেটেগৰীৰে চৰকাৰে ব্যবস্থা লৈ আছে। কাৰোবাৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা লোৱা হৈছে আৰু কাৰোবাৰ বিৰুদ্ধে বিভাগীয় ব্যবস্থা লোৱা হৈছে। মুখ্যমন্ত্রীগৰাকীয়ে আৰু কয় যে ২০১৪ বৰ্ষৰ পূৰ্বৰো কাৰোবাৰ নাম যদি আয়োগে দিছে, আমি ব্যবস্থা ল’ব পাৰোঁ। অৱশ্যে এই সম্পর্কত মুখ্যমন্ত্রীগৰাকীয়ে আৰু কয় যে অকল নাম দিলেই নহ’ব। এইক্ষেত্রত প্রয়োজনীয় তথ্যপাতি আৰু ফৰেনছিকৰ ৰিপ’র্টো লাগিব। তেতিয়াহে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰা যাব। দুর্নীতিৰ সদাগৰ এপিএছচিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত এপিএছচিত ব্যাপক নিযুক্তি কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। একাংশ যোগ্য প্রার্থীক বঞ্চিত কৰি কেৱল ধনৰ বিনিময়ত অযোগ্য প্রার্থীক সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ কৰোৱাই ৰাজ্য প্ৰশাসনৰ গুৰুত্বপূর্ণ পদবীত নিযুক্তি লাভ কৰাৰ পথ মুকলি কৰি দিছিল। সেই সময়ৰ আয়োগৰ বিষয়ববীয়া আৰু সদস্যসকলে মধ্যভোগীৰ সহায়ত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এই কার্য সংঘটিত কৰিছিল। পৰৱৰ্তী সময়ত ২০১৬ বৰ্ষত সমগ্র কেলেংকাৰিক লৈ ডিব্ৰুগড় থানাত এটা গোচৰ ৰুজু হয়। ইয়াৰ ভিত্তিত ৰাকেশ পালৰ উপৰি আয়োগৰ বিষয়ববীয়া, সদস্য তথা বক্রপথেৰে চাকৰি লোৱা ৰাজপত্রিত বিষয়াসকলক গ্রেপ্তাৰ কৰা হয়। সেই সময়ত মুঠ ৭৪জন লোকক গ্রেপ্তাৰ কৰা হৈছিল। কিন্তু ২০১৩ আৰু ২০১৪ বর্ষত অনুষ্ঠিত আয়োগৰ পৰীক্ষাত বক্রপথেৰে উত্তীৰ্ণ হোৱা বহু প্রার্থীক তদন্তৰ আওতালৈ অনা হোৱা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ২০১৩ আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাৰ অনিয়মৰ তদন্তৰ বাবে ন্যায়িক আয়োগ গঠনৰ নির্দেশ দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হয়। এই গোচৰৰ ভিত্তিতে ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ নেতৃত্বত আয়োগ গঠন কৰে। এই আয়োগে দুয়োটা পৰীক্ষাত সংঘটিত অনিয়ম সন্দর্ভত পৃথকে পৃথকে ৰাজ্য চৰকাৰক প্রতিবেদন দাখিল কৰে। ২০১৩ বৰ্ষত বক্র পথেৰে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হোবা ৩৪জন প্রার্থীৰ নাম ন্যায়িক আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা হয়। এই প্রতিবেদনখনৰ ভিত্তিতে ৰাজ্য চৰকাৰে অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হয়। অভিযুক্ত বিষয়াসকললৈ কাৰণ দর্শোবাৰ জাননী জাৰি কৰাৰ লগতে অসম সেৱা (অনুশাসন আৰু আবেদন) বিধি ১৯৬৪ৰ ৬ (১) অধিনিয়মৰ অধীনত ৰাজ্যপালৰ অনুমোদনমর্মে নিলম্বন কৰা হৈছে।ন্যায়িক আয়োগৰ প্রতিবেদনৰ উপৰি উত্থাপিত অভিযোগ সন্দৰ্ভত, অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোটেও তদন্ত অব্যাহত ৰাখিছে।