এপিএছচি উত্তীর্ণসহ ২৮৯ প্রার্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

এপিএছচি উত্তীর্ণসহ ২৮৯ প্রার্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পাঞ্জাবাৰীস্থিত শ্রীশ্রী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা (কনিষ্ঠবর্গ) আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত ২৮৪ গৰাকী আৰু অসম ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ত বিজ্ঞানী বিষয়া হিচাপে নির্বাচিত ৫গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্র প্রদান কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। একেটা অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ‘স্বাগত সতীর্থ প’ৰ্টেল ২.০’ৰ অধীনত যুটীয়া পাৰস্পৰিক বদলিকৰণৰ নিৰ্দেশ-পত্র প্রদানৰো শুভাৰম্ভ কৰে। উল্লেখ্য যে এই নিযুক্তিৰ পিছত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ আমোলত প্ৰদান কৰা মুঠ চৰকাৰী নিযুক্তিৰ সংখ্যা ১,৫৮,৬৬৯লৈ বৃদ্ধি পালে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২৮৯ গৰাকী প্ৰাৰ্থীক স্বচ্ছতাৰে নিযুক্তি দিয়াটোৱে ৰাজ্য চৰকাৰৰ স্বচ্ছ প্ৰশাসনৰ প্ৰতি থকা দায়বদ্ধতাকে প্রতিফলিত কৰিছে। তেওঁ জনায় যে এই নিযুক্তি-পত্র লাভকৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৪৫ গৰাকীয়ে এচিএছ, ২০ গৰাকীয়ে এপিএছ, দুগৰাকীয়ে শ্রম বিষয়া, দুগৰাকীয়ে জিলা পৰিবহণ বিষয়া, ৯গৰাকীয়ে খণ্ড উন্নয়ন বিষয়া, ২৩গৰাকীয়ে উদ্যোগ বিভাগৰ সহকাৰী প্ৰবন্ধক, দুগৰাকীয়ে সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক, ৫২গৰাকীয়ে অসম বিত্ত সেৱা, ৪ গৰাকীয়ে অসম নগৰ প্ৰশাসনিক সেৱা, ৫১ গৰাকীয়ে কৰ পৰিদৰ্শক, ৯ গৰাকীয়ে শ্রম পৰিদৰ্শক, ১৯গৰাকীয়ে আবকাৰী পৰিদৰ্শক, ১৭ গৰাকীয়ে সহকাৰী নিয়োগ বিষয়া, ১৩গৰাকীয়ে উপ-পঞ্জীয়ক, ১৬গৰাকীয়ে অসম অডিট সেৱা আৰু ৫গৰাকীয়ে বিজ্ঞানী বিষয়া হিচাপে যোগদান কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে মেধা আৰু স্বচ্ছতাৰ ভিত্তিত ১,৫৮,৬৬৯ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ফলত স্বচ্ছতা এতিয়া এক প্রাতিষ্ঠানিক ব্যৱস্থাত পৰিণত হৈছে। কোনো ন্যায়ালয়ত এটাও গোচৰ ৰুজু নোহোৱাকৈ এই সকলো নিযুক্তি সম্পন্ন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই পদক্ষেপে ৰাজ্যৰ চৰকাৰী ব্যৱস্থাৰ ওপৰত সকলো শ্ৰেণীৰ লোকৰ স্বতঃস্ফূর্ত আস্থাকে প্রতিফলিত কৰিছে। তদুপৰি, ৰাজ্যখনত পাৰস্পৰিক বদলিৰ বাবে স্বাগত সতীর্থ প’ৰ্টেলৰ জৰিয়তে ৪,৪৭৬গৰাকী কৰ্মচাৰী উপকৃত হোৱাটোৱে স্বজন-তোষণ বা পক্ষপাতিত্বহীনতাৰ আন এটা প্রমাণ বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। নৱনিযুক্ত প্রার্থীসকলক জনসেৱাক মূলমন্ত্র হিচাপে ল’বলৈ পৰামৰ্শ দি মুখ্যমন্ত্ৰীয়ে দোহাৰে যে নিষ্ঠাৰে ৰাইজৰ সেৱা কৰিলেহে তেওঁলোকে কর্মসন্তুষ্টি লাভ কৰিব। নতুনকৈ নিযুক্তি পোৱাসকলক অভিনন্দন জনোৱাৰ লগতে মুখ্যমন্ত্রীয়ে তেওঁলোকক নৈতিকভারে সবল হ’বলৈ, জনসেৱাৰ মনোভাব গঢ়ি তুলিবলৈ আৰু উৎসর্গিতভাৱে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে সেৱাৰ মনোভাবেই তেওঁলোকৰ পৰিচালিকা শক্তি হোৱা উচিত। মুখ্যমন্ত্রীয়ে নৱনিযুক্ত প্রার্থীসকলক নৈতিকভাৱে সজাগ থাকিবলৈ আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে অনুপযুক্ত কোনো কামত লিপ্ত নোহোৱাৰ সংকল্প ল’বলৈও আহ্বান জনায়। তেওঁ কয় যে চাকৰি জীৱনত তেওঁলোকে বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে তথাপিও তেওঁলোকে সদায় নিজৰ পেছাদাৰী দক্ষতা বৃদ্ধিৰ বাবে কাম কৰি যাব লাগে, কিয়নো চৰকাৰেও তেওঁলোকক কেৰিয়াৰ বৃদ্ধিৰ কাৰ্যসূচীৰ জৰিয়তে দক্ষতা বিকাশৰ সুযোগ প্রদান কৰিব। মুখ্যমন্ত্ৰীয়ে এই উপলক্ষে অসম লোকসেৱা আয়োগক সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশ্নকাকত এনেদৰে প্ৰস্তুত কৰিবলৈ কয় যাতে অর্থনৈতিকভাৱে পিছপৰা মেধাবী ছাত্র-ছাত্রীসকলে কোনো ক’চিং ইনষ্টিটিউটত নামভর্তি নকৰাকৈয়ে পৰীক্ষাত উত্তীর্ণ হ’ব পাৰে। তেওঁ লোকসেৱা আয়োগক প্রশ্ন প্ৰস্তুত কৰা আৰু প্ৰাৰ্থীৰ মেধা বিচাৰ কৰাৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক পন্থা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে নির্বাচিত প্রার্থীসকলক জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰী সেৱা আগবঢ়াই সমাজত আদর্শ হিচাপে পৰিচিত হ’বলৈ আহ্বান জনায়। তেওঁ প্রার্থীসকলক পিতৃ-মাতৃক সন্মান কৰিবলৈ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবেও আহ্বান জনায়।নিযুক্তি-পত্র প্রদান অনুষ্ঠানৰ পিছত মুখ্যমন্ত্রী ড° শর্মাই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত পৰিৱেশ আৰু বন বিভাগত অন্তর্ভুক্ত কৰা ১৪৩খন বাহনৰ সেৱাৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ (ফ্লেগ অফ) কৰে। এই সেৱা মুকলি কৰি ৰাজ্যজুৰি বনজ সম্পদ সংৰক্ষণ আৰু ক্ষেত্ৰস্তৰীয় তদাৰকী ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে । এই নতুন যান-বাহনসমূহৰ সংযোজনে বিশেষকৈ দূৰৱৰ্তী আৰু বনাঞ্চলীয় অঞ্চলসমূহত বন বিভাগৰ গতিশীলতা আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে । নিযুক্তি-পত্র প্রদান অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা, সাংসদ বিজুলী কলিতা মেধিৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।