এপলক প্ৰেমৰ ছবি – প্ৰবীন শৰ্মা

এপলক প্ৰেমৰ ছবি

প্ৰবীন শৰ্মা, কছাৰীহাট, চিনাতলী

কপৌ-ফুল হৈ মোৰ দেহত গজিবানে ?
নেলাগে সদায় ফুলিব ,
মোৰ স্থুল দেহৰ পেশীয়ে পেশীয়ে তুমি বগাই থাকিবা
শিৰা উপশিৰা বোৰে উমানলৈ থাকিব
মোৰ তেজৰ শীত বসন্ত ।
ঋতু আহিলে তুমি সেউজীয়া হ’বা
মোক জোৰেৰে সাবতি ধৰি
তুমি চঞ্চলা হ’বা
মই উতনুৱাহৈ স্ফিত হ’ম
তুমি পাহি মেলিবা
লাহে লাহে…….
তুমি ফুলিলে মোৰ বেয়াহে লাগিব ।
ফুলেৰে সুবাসিত হোৱাটো খন্তেকীয়া সুখ
তোমাক চিঙি পেলাব
কোনোবা প্ৰেমিকাৰ খোপাই খোপাই
তুমি নাচিবা মোৰ দুখৰ এপাক বিহু ।
তুমি জঁয় পৰিলে
মোৰ দেহৰ ৰক্ত উন্মাদ হ’ব
আৰু এটা ঋতুচক্ৰলৈ ইমান দিন !
এনেকৈ মোক আকোঁৱালিলৈ লৈ যাবা
ভাল নলগা পৌঢ়ত্বলৈ
তাৰ পাছত যি হয় হ’ব
যাত্ৰা পথটো মধুৰ হ’বৰ বাবেই
মই তোমাক ক’লো-
এপাহ কপৌ-ফুল হৈ
মোক পুলকিত কৰা ॥