এন চি পি, শাৰদ পাৱাৰ গোট, অসমৰ সংবাদ মেল

এন চি পি, শাৰদ পাৱাৰ গোট, অসমৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ দীঘলীপুখুৰীপাৰস্থিত দলৰ কাৰ্যালয়ৰ সিদ্ধিনাথ শৰ্মা ভৱনত এন চি পি শাৰদ পাৱাৰ গোটৰ অসম ৰাজ্যিক সভাপতি যতীন্দ্ৰ নাথ বৰাৰ আহ্বান মৰ্মে  দলৰ বৰ্তমান আৰু ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে লগতে দলটোক শক্তিশালী ৰূপত গড় দিয়াৰ সংকল্পৰে এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰি এটি সংবাদ মেল আয়োজন কৰে। সংবাদ মেলত অসম ৰাজ্যিক দলৰ সভাপতি যতীন্দ্ৰ নাথ বৰা, সম্পাদক পৰেশ বৰুৱা, উপ সভাপতি মঃ কাফিল উদ্দিন আহমেদ, সদস্যা ৰুবি বৰুৱা কে আদি কৰি প্ৰায় ১০ গৰাকী মান লোক উপস্থিত আছিল। যোৱা ইং ১৫ জুলাই ২০২৪ ত ৰাষ্ট্ৰীয় সভাপতি শাৰদ চন্দ্ৰ পাৱাৰে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰাৰ পিছত তেওঁলোকে  ৰাজ্যিক সভাপতিৰ নেতৃত্বত প্ৰথম এখন সভা অনুষ্ঠিত কৰাৰ অন্তত সাংবাদিকক জানিবলৈ দি কয় যে বৰ্তমান ৰাজ্যৰ পৰিস্থিতিক চাই আগন্তুক বিধান সভাৰ উপ নিৰ্বাচনত বিৰোধী ঐক‍্য মঞ্চৰ কংগ্ৰেছ দলক এন্ চি পি দলৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়াব।তেওঁলোকে সংবাদ মেলত অসমৰ বান পৰিস্থিতি, ভূমিস্খলন, কৃষিক্ষেত্ৰ আৰু কৃষকৰ জনজীৱন, আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত দৰিদ্ৰ শ্ৰেণীৰ বিপন্ন জীৱন শৈলী তাৰোপৰি বিদেশী সমস্যা আৰু নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ বিৰুদ্ধে আন্দোলন, উচ্ছেদ আৰু ভূমি সমস্যা ইত্যাদিৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ তেওঁলোকে জনগণৰ মৌলিক সমস্যা সমাধানৰ দাবীৰ মত প্ৰকাশ কৰে।