এন.এছ.ই.-ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চিত্ৰৰামকৃষ্ণক ৭দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ 

p.c.- The Financial Express

এন.এছ.ই.-ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চিত্ৰৰামকৃষ্ণক ৭দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ এখন আদালতে co-location scam গোচৰত এন.এছ.ইৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চিত্ৰ ৰামকৃষ্ণক চিবিআইক সাত দিনৰ জিম্মাত সোধপোছ ৰখাৰ অনুমতি দিয়ে। তদন্ত সংস্থাটোৱে ৰামকৃষ্ণক ১৪ দিনৰ জিম্মাত বিচাৰিছিল, যাৰ ওপৰত ‘হিমালয়ৰ যোগী’ৰ সৈতে গোপনীয় তথ্য ভাগ বতৰা কৰাৰো অভিযোগ আছে। তেওঁৰ আগতীয়া জামিন অস্বীকাৰ কৰাৰ এদিন পিছত, তেওঁক দেওবাৰে দিল্লীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল।