এন এছ ইউ আইৰ উদ্যোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মদিন উদযাপন

এন এছ ইউ আইৰ উদ্যোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মদিন উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজোৰামৰ প্ৰথমজন ৰাজ্যপাল কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মতিথি উপলক্ষে ৩ অক্টোবৰত অসম ৰাজ্যিক এন এছ ইউ আইৰ উদ্যোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া জুনিয়ৰ কলেজৰ প্ৰেক্ষাগৃহত এখনি ছাত্ৰ সন্মিলনী সভাৰ আয়োজন কৰা হয়। কিছুদিন পূৰ্বে অসম ৰাজ্যিক NSUI ৰ উদ্যোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সোঁৱৰণীত আয়োজিত সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাৰ জয়লাভ কৰা প্ৰতিযোগীসকলক এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়। ৰচনা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বিজয়ী বিশ্বনাথ জিলাৰ বিহালী ডিগ্ৰী কলেজৰ ছাত্ৰ প্ৰদীপ মণ্ডলে ৫ হাজাৰ টকা নগদ আৰু এটা ট্ৰফীসহ প্ৰমাণ পত্ৰ লাভ কৰে। তাৰোপৰি দ্বিতীয় পুৰুষৰ বিজয়ী গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ হিমাংশু মল্ল বুজৰবৰুৱাই ৩ হাজাৰ টকা নগদ, ট্ৰফীসহ প্ৰমাণ পত্ৰ আৰু তৃতীয় পুৰুষৰ বিজয়ী বৰপেটাৰ বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰী ছোনিয়া চুলতানাই ২ হাজাৰ টকা নগদ আৰু ট্ৰফীসহ প্ৰমাণ পত্ৰ লাভ কৰে। স্মৃতিচাৰণ সভাৰে আৰম্ভ হোৱা ছাত্ৰ সন্মিলনীখনত ড° হেমপ্ৰভা শইকীয়া, সাংসদ আব্দুল খালেকে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ কথা ছাত্ৰ ছাত্ৰীসকলৰ আগত অৱগত কৰে। এই কাৰ্যসূচীত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সহধৰ্মিনী ড° হেমপ্ৰভা শইকীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, অসম প্ৰদেশ সেৱাদলৰ সভাপতি দ্বীপ বায়ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ৰমন ঝা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদক কৃদীপ বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ আব্দুল আজিজ আহমেদ, অসম প্ৰদেশ সেৱাদলৰ গালিব ইছলাম, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুমন কল্যাণ বৰা, ৰুহুল আমিন আহমেদ, NSUI ৰ সদস্য এঞ্জেলিনা নাগ, ওমকাৰজ্যোতি কাশ্যপ, ৰাজিবুল ইছলাম, অনাঘ কলিতা, পাৰ্থজ্যোতি মেধি, মনিৰউদ্দিন, ইমদাদুল, কৃতিকা, নৱৰীত, ফাৰুক, জায়েদ, ধনজিৎ, স্মিতা, পম্পী, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাতৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকল, আৰু প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। সভাত উপস্থিত সকলোকে অসম ৰাজ্যিক NSUI ৰ সম্পাদক জোনাইদ হুছেইন আৰু ইজাজুৰ ৰহমানে ধন্যবাদ জ্ঞাপন কৰে।