‘এন আৰ চিত নাম নথকা লোকসকলক গঁতিয়াই বাংলাদেশলৈ পঠিওৱা হ’ব’ঃ মুখ্যমন্ত্ৰী 

‘এন আৰ চিত নাম নথকা লোকসকলক গঁতিয়াই বাংলাদেশলৈ পঠিওৱা হ’ব’ঃ মুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ত নাম নথকাসকলক গঁতিয়াই বাংলাদেশলৈ পঠিওৱা হ’ব। এয়াই আমাৰ নীতি। আইনগতভাৱে এই কাম কৰা হ’ব। -এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ঝাৰখণ্ডৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অবৈধ নাগৰিকক পুনৰ কঠোৰ সকীয়নি দি কয় যে ঝাৰখণ্ডতো এনআৰচি হ’ব। এনআৰচিত যিসকলৰ নাম নাহিব, তেওঁলোকক গঁতিয়াই গঁতিয়াই বাংলাদেশলৈ পঠিওৱা হ’ব। এনআৰচি কৰাৰ সময়ত সকলোকে নিজৰ পক্ষত ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰাৰ সুবিধা দিয়া হ’ব। আইন অনুসৰি সকলোৱে নিজকে ভাৰতীয় নাগৰিক হিচাপে প্রতিপন্ন কৰাৰ সুযোগ লাভ কৰিব। কিন্তু যিসকল লোকে ভাৰতীয় নাগৰিক বুলি প্রমাণ কৰিব নোৱাৰিব, তেওঁলোকক আইনগত প্ৰক্ৰিয়াৰে গঁতিয়াই গঁতিয়াই বাংলাদেশলৈ খেদি পঠিওৱা হ’ব।  অসমৰ এনআৰচিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অসমত এনআৰচিৰ প্ৰথম পর্যায়ত ১৪ লাখ লোকক বাংলাদেশী বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে। চৰকাৰৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছে। সীমান্ত অঞ্চলৰ জিলাত ২০ শতাংশ নমুনা পুনৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ৰাজ্যখনত জনগাঁথনিৰ পৰিৱৰ্তন হোৱা নাই বুলি কৰা মন্তব্য সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত আদিবাসীৰ জনসংখ্যা কমিছে আৰু মুছলমানৰ জনসংখ্যা বাঢ়িছে। সেয়াই জনগাঁথনিৰ পৰিৱৰ্তন। ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়েও ইতিমধ্যে ৰাজ্যখনত হোৱা অনুপ্ৰৱেশক লৈ প্রশ্ন কৰিছে। কিন্তু হেমন্ত ছোৰেন চৰকাৰে সমগ্ৰ বিষয়টোক লৈ অনুপ্ৰৱেশকাৰীৰ ভোটৰ লালসাত ৰাজনীতি কৰি আছে। ৰাজ্যখনত অনুপ্ৰৱেশকাৰী চিনাক্তৰ ক্ষেত্ৰত বিজেপিয়ে ক্ষমতাত আহিলে কেনেদৰে ব্যৱস্থা ল’ব, সেই সন্দর্ভতো মন্তব্য কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যখনৰ ভোটাৰ তালিকাত যিসকল লোকৰ নাম ২০২১ চনত বা ২০২৪ চনত অন্তর্ভুক্ত হৈছে, ইয়াৰ পূৰ্বে তেওঁলোকৰ নাম ক’ৰ ভোটাৰ তালিকাত আছিল সেয়া পৰীক্ষা কৰি সেইসকল লোক ভাৰতীয় নাগৰিক হয় নে নহয়, বিচাৰ কৰিব। ২০০১ চনৰ ভোটাৰ তালিকাৰ পৰা সেইসকল লোকৰ নাম বিচাৰ কৰা হ’ব। অৱশ্যে আদিবাসী আৰু ৰাজ্যখনৰ মূল বাসিন্দাসকলৰ ক্ষেত্ৰত তেনেদৰে বিচাৰ কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। কাৰণ সেইসকল লোকৰ পিতৃ-মাতৃৰ নাম নিশ্চিতভাৱে পূৰ্বৰ ভোটাৰ তালিকাত আছে।ইপিনে, আসন্ন ঝাৰখণ্ড বিধানসভা নির্বাচনত বিজেপিয়ে জেডি (ইউ) আৰু এজেএছ (ইউ)ৰ জোঁটবন্ধনত নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ইতিমধ্যে আসন বুজাপৰাৰ ৯৯ শতাংশ চূড়ান্ত হৈছে। এখন-দুখন আসনক লৈ চর্চা বাকী আছে। সমাগত দুর্গাপূজাৰ পাছতেই আসন বুজাপৰাৰ প্ৰক্ৰিয়া চূড়ান্ত কৰা হ’ব। আনহাতে, অসমৰ চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাক পত্ৰ দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ময়ো ইয়াৰ উত্তৰ দিম। এই প্রসংগতে তেওঁ কল্পনা ছোৰেনৰ নাম উল্লেখ কৰি কয় যে ঝাৰখণ্ডত কল্পনা ছোৰেনে আদিবাসীৰ বাবে সংৰক্ষিত আসনত কিয় নির্বাচন খেলিব নোৱাৰে, তাৰ উত্তৰ হেমন্ত ছোৰেনৰ ওচৰতে আছে।