এন আৰ আই তথা প্ৰৱাসী অসমীয়াৰ বাবে অসমত মেডিকেল শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

Pc Wikipedia

এন আৰ আই তথা প্ৰৱাসী অসমীয়াৰ বাবে অসমত মেডিকেল শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  এন আৰ আই তথা প্ৰৱাসী অসমীয়াৰ বাবে অসমত মেডিকেল শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷তেওঁ কয়-এই সংৰক্ষণে অসমৰ অসমীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ক্ষতি কৰিব ৷ লগতে এতিয়া অসমৰ ১৫০০ খন মেডিকেল আসনৰ মাত্ৰ ৩৭৫ খনহে মুকলি তথা অসংৰক্ষিত হৈ থাকিল ৷ ফলত সাধাৰণ শ্ৰেণীৰ অসমীয়া মেধাৱী ছাত্ৰ-ছাত্ৰী সকল মেডিকেল শিক্ষাৰ পৰা বঞ্চিত হ’ব ৷তদুপৰি প্ৰৱাসী অসমীয়াই বিদেশত এক সুন্দৰ স্বাচ্ছন্দ্য জীৱন কটাইছে ৷তেওঁলোকে নিজৰ ল’ৰা-ছোৱালীকো য’তে-ত’তে পঢ়ুৱাব পাৰিব , যিহেতু তেওঁলোক আৰ্থিকভাৱে সৱল । কিন্তু আমাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে অসমৰ বাহিৰত কেনেকৈ পঢ়িবলৈ যাব ৷ অসম চৰকাৰে এইবোৰ কথাও ভাৱিব লাগে।