এনিভাৰ্চেৰী
তীৰ্থ পিন্টু বড়া
পুৱাৰ চাহকন খায়ে পুতেক বোৱাৰী দুয়ো ব্যস্ত হৈ পৰিছে ঘৰখন সজোৱাত। একো তত ধৰিব নোৱাৰি ডিম্বেশ্বৰে নিউজ পেপাৰখন হাতত লৈ আগফালৰ চোতাললৈ চকী এখন উলিয়াই নিলে। পিঠিত ৰ’দৰ পোহৰটো পেলাই এফালৰ পৰা গোটেই নিউজ পেপাৰখন পঢ়ি শেষ কৰি ভিতৰলৈ সোমাই আহিল ডিম্বেশ্বৰ। ৰঙ বিৰঙৰ বেলুনেৰে ড্ৰয়িং ৰূমটো সজাই থোৱা দেখি একমাত্ৰ পুত্ৰ ৰূপকক প্ৰশ্ন কৰিলে।
…বোৱাৰীৰ জন্মদিন নেকি বাবু!
শুনিও নুশুনাৰ ভাও ধৰি ভিতৰলৈ সোমাই গ’ল ৰূপম। চেণ্টাৰ টেবুলতে নিউজ পেপাৰখন থৈ নিজৰ শুৱনি কোঠাটোলৈ সোমাই গৈ ৱালত আঁৰি থোৱা কেলেণ্ডাৰখন নমাই আনি চকু ফুৰালে। আজি কৃষ্ণা দশমী। কৃষ্ণা অষ্টমীতেই ডিম্বেশ্বৰে হেৰুৱাইছিলে নিজৰ পত্নীক। মাকৰ মৃত্যু তিথিটো মনত ৰাখিব নোৱাৰা ৰূপমে আজি কি উৎসৱৰ আয়োজন কৰিছে তাকে লৈ ডিম্বেশ্বৰৰ মনত নানা প্ৰশ্ন উদয় হ’ল। নীৰৱ দৰ্শক হৈ আলেখ লেখ চাই আছে। সময় তেতিয়া পুৱা দহ বাজিছিল। পুৱাৰ জা-জলপান যোগাৰ নকৰি একমাত্ৰ বোৱাৰী অনামিকা সাজোঁন কাচোনত ব্যস্ত হৈ পৰিল।
” আয়োজন ডাঙৰ যেনেই পাইছোঁ! নহলেনো বোৱাৰীয়ে জলপান কেইটা দিবলৈ পাহৰে নে!” মুখৰ ভিতৰতে ভোৰভোৰাই থাকোতেই পাছফালৰ পৰা ৰূপমে মাত লগালে।
…কি ভোৰভোৰাই আছা দেউতা!
: সময় হ’ল নহয়। বোৱাৰীক জলপান কেইটা দিবলৈ কোৱা মোক!
: হতকেচতে ৰুটি দুখন আছে। গেছতে চাহ অকণ কৰি খাই লোৱাগৈ যোৱা। দুপৰীয়া ভাত খাওঁতে দেৰি হ’ব আজি।
: কিয়…? কিহৰ আয়োজন কৰিছানো বাবু!
: তুমিয়ো যে আৰু দেউতা! আজি আমাৰ চেকেণ্ড এনিভাৰ্চেৰী নহয় জানো! বন্ধুবৰ্গৰ লগত বিশেষ দিনটো উদযাপন কৰো বুলি ভাবিছোঁ।
: ভালেই কৰিছা বাবু। কৃষ্ণা অষ্টমীত মাৰ মৃত্যু তিথি পৰিছিল। সেই দিনটো তোমাৰ বাবে বিশেষ নাছিল নেকি! সেই দিনটোতেই দহমাহ দহ দিন গৰ্ভত লৈ তোমাক পৃথিৱীৰ পোহৰ দেখুৱা মাক হেৰুৱাইছিলা। পাৰ্থক্য মাথোঁ এটাই সেয়া তোমাৰ জননী আৰু এয়া জীৱন সংগী।
কথাষাৰ কৈয়ে ৰূপমৰ সন্মুখৰ পৰা আতঁৰহৈ গৈ নিজৰ শুৱনি কোঠাত সজাই থোৱা পত্নীৰ ফটোখনলৈ চাই নীৰৱে চকুলো তুকি ডিম্বেশ্বৰে ক’লে
” দুখ নকৰিবা দেই মণি! তোমাৰ বাবু এতিয়া ডাঙৰ হ’ল। তাৰ জীৱনলৈ বিশেষ কোনোবা আহিলা। তুমি এতিয়া তাৰ বাবে বিশেষ নহয়! মাথোঁ এটা পাহৰিব নোৱাৰা স্মৃতি।”
বিশেষ দিনটোত দেউতাকৰ চকুত চকুৰপানী দেখি ৰূপম বৰ দোমোজাত পৰিল। একমাত্ৰ মাকৰ বাবেই সি আজি জীয়াই আছে। মাকৰ মৃত্যুৰ তিথিতো সি কিয় পাহৰিলে! সেই দিনাই সি অনামিকাৰ সৈতে ৰিজৰ্টলৈ গৈছিল। হয়তো অনামিকাৰ তিথিতো মনত আছিল। সেয়ে হয়তো তাই মোক ঘৰৰ পৰা উলিয়াই নিছিল। উত্তৰবিহীন বহু প্ৰশ্নই ৰূপমক দোলা দিবলৈ ধৰিলে।
