এনাজৰী – কবিতা শর্মা

এনাজৰী

কবিতা শর্মা, গুৰগাঁৱ,হৰিয়ানা

ম’বাইলৰ ৰিংটোন …. স্ক্রীনত ভাহি উঠিল … ” মা”
“হেল্লো।”
“হেল্লো! কি কৰি আছা?”
“ দিনৰ এটা বজাত আৰু কি কৰি থাকিম মা?
অবভিয়াচলি অফিচত।”
“উস্, কোনদিনা যে পোনপটিয়া প্ৰশ্নৰ পোনপতিয়া উত্তৰ পাম? বাৰু, বাৰু, লাঞ্চ কৰিলা নে?”
“নাই। এই কৰিম আৰু।”
“মোতকৈ ভালকৈ আৰু কোনে জানিব তোমাৰ অভ্যাস! অঃ ৰবাচোন পার্চেলটো তুমি পঠিয়াইছা ? ”
“অ,মা। সময়মতে খাব কিন্তু ।”
“ইমানৰ পাছতো?”
” মোৰ ডিভোের্চ আপোনাৰ লগত হোৱা নাই নহয় মা!
মুহুৰ্তৰ নীৰৱতা …
“গৈ আছো দুদিন মানতে। বহুত দিন আপোনাৰ লগত গচিপ কৰা হোৱা নাই!”
দুয়োফালৰ খিল খিল হাঁহিত পৰিৱেশ জীপাল …..