এনএইচপিচিৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্রহণ ৰাজেন্দ্ৰ প্ৰসাদ গোৱেলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ অগ্ৰণী জলবিদ্যুৎ প্রতিষ্ঠান এনএইচপিচি লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব গ্রহণ কৰিছে প্রতিষ্ঠানটোৰ সঞ্চালক (বিত্ত) ৰাজেন্দ্ৰ প্ৰসাদ গোৱেলে। ইয়াৰ পূৰ্বেও গোৱেলে ২০২৪ চনৰ ১ মাৰ্চৰ পৰা ২০২৪ চনৰ ৭ আগষ্টলৈ এনএইচপিচিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৮৮ চনৰ ১৮ নৱেম্বৰত গোৱেলে বিত্ত বিশেষজ্ঞ হিচাপে এনএইচপিচিত যোগদান কৰিছিল আৰু নিজৰ দায়বদ্ধতা, নিষ্ঠাৰে প্ৰতিষ্ঠানটোক নেতৃত্ব দিবলৈ সক্ষম হৈছে। গোৱেলে ইনষ্টিটিউট অৱ কষ্ট একাউন্টেন্টছ অৱ ইণ্ডিয়াৰ সদস্য। তেওঁ জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা কমাৰ্চত স্নাতকোত্তৰ ডিগ্রী লাভকৰিছে। জলবিদ্যুৎ প্রকল্পৰ বিত্ত, নিৰ্মাণৰ সময়ত প্রযোজ্য নিয়ন্ত্রক সমস্যা, অভিযান আদি ক্ষেত্ৰত তেওঁ অভিজ্ঞ। তেওঁ জলশক্তি নিগম লিমিটেড, বুণ্ডেলখাণ্ড সৌৰ উৰ্জা লিমিটেড, এনএইচপিচি পুনৰ নৱীকৰণযোগ্য শক্তি লিমিটেডৰো অধ্যক্ষ। সমান্তৰালভাৱে গোৱেলে ব’র্ড অর এনএইচপিচি লিমিটেড, চেনাব উপত্যকা শক্তি প্রকল্প প্রাইভেট লিমিটেড, ৰেটল হাইড্র’ইলেক্ট্রিক শক্তি নিগম লিমিটেড, লোকটাক ডাউনন্ত্রীম হাইড্র ‘ইলেক্ট্রিক কৰ্প’ৰেচন লিমিটেডৰো মনোনীত সঞ্চালক হিচাপে কৰ্মৰত। ফৰিদাবাদৰ ৰাষ্ট্ৰীয় শক্তি প্রশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক (বিত্ত) হিচাপেও তেওঁ কৰ্মৰত।