‘এনইউজেআই  আৰু  জা’ ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্যাপন 

‘এনইউজেআই  আৰু  জা’ ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদ্যাপন 

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- ‘সাম্প্ৰতিক সময়ত দেশ আৰু ৰাজ্যৰ সংবাদ মাধ্যম তথা সাংবাদিক আৰু সংবাদকৰ্মীৰ সামগ্ৰিক নিৰাপত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে বিশ্বত স্বীকৃত সংবাদ মাধ্যম আৰু সাংবাদিকৰ বিধিগত স্বাধীনতা আৰু অধিকাৰসমূহ চৰকাৰী অথবা বে-চৰকাৰী উভয় পক্ষৰ চত্ৰছাঁয়াত খৰ্ব হ’ব ধৰিছে৷ এই লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে  ‘নেচনেল ইউনিয়ন অব জাৰ্নেলিষ্ট ইণ্ডিয়া’(এন ইউ জে আইগ্গ আৰু  জাৰ্নেলিষ্ট এছচিয়েছন অব আছাম , ‘জা’ য়ে৷ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিবস উপলক্ষে গুৱাহাটী হেঙ্গেৰাবাৰীস্থিত কেন্দ্ৰীয় কাযাৰ্লয়ত আয়োজিত  সভাই দেশৰ সকলো সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মচাৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ ‘জা’ ৰ  সভাপতি  তথা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত  সভাত   সংবাদ মাধ্যম আৰু সাংবাদিকৰ সমস্যা  স্বাধীনতা আৰু অধিকাৰসমূহৰ ওপৰত বিতং আলোচনা কৰি  এখন সুকীয়া সাংবাদিক সুৰক্ষা আইনৰ দাবী পুনৰ উত্থাপন কৰাৰ লগতে সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক চুব পৰাকৈ এক শক্তিশালী  ‘মেডিয়া কাউঞ্চিল’ গঠন কৰাৰো দাবা জনোৱা হয় ৷     জ্যেষ্ঠ সাংবাদিকৰ সঞ্জীৱ কুমাৰ শৰ্মাই অনুষ্ঠানটো আঁত ধৰি সাংবাদিক আৰু সংবাদ মাধ্যমৰ বিভিন্ন সমস্যাৰ ওপৰত বহলাই বাখ্যা কৰে ৷     সভাই  ৰাজ্য চৰকাৰে হঠাৎ সাংবাদিক পেঞ্চন,মিডিয়া ফেলোশ্বিপ আঁচনি বন্ধ কৰা ,  আৰু ২০১৪  পৰা বাতৰি কাকত তথা সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি নকৰাৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ ৰাষ্ট্ৰীয় প্ৰেছ দিবস উপলক্ষে আয়োজিত সভাত ভাষণ দি এনইউজেআইৰ   ৰাষ্ট্ৰীয় উপ-সভাপতি তথা জা ৰ মূখ্য উপদেষ্টা ভূপেন গোস্বামীয়ে সাংবাদিকৰ প্ৰাপ্যৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ গোস্বামীয়ে কয় যে আকাশচুম্বী মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ বিলাই বিপত্তি নোহোৱা হৈ পৰাৰ সময়ত চৰকাৰে সাংবাদিকৰ পেঞ্চন মাহিলী ১৫ হাজাৰলৈ বৃদ্ধি কৰাৰ বিপৰীতে এইবাৰ এই দুয়োখন আঁচনি বন্ধ কৰি সংবাদ মাধ্যমৰ প্ৰতি অন্যায় আচৰণ কৰিছে৷  তদুপৰি সংবাদ মাধ্যমৰ  নিৰ্ধাৰিত বিজ্ঞাপনৰ হাৰ বৃদ্ধি কৰি প্ৰতি মাহে ধন পৰিশোধ কৰিবলৈ দাবী জনায়৷গোস্বামীয়ে ভাষণত   চৰকাৰক অসমৰ সাংবাদিকসকলক মিডিয়া ফেলোশ্বিপ আঁচনি পুনৰ আৰম্ভ কৰিবলৈ আহ৩ান জনায়৷ অসমৰ সাংবাদিক আৰু সংবাদ কৰ্মীৰ সামগ্ৰিক নিৰাপত্তাৰ বাবে দেশত এখন সুকীয়া সাংবাদিক সুৰক্ষা আইনৰ অতি প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে৷ গণত ন্ত্ৰৰ চৰ্তুথস্তম্ভ তথা সমাজৰ অতন্ত্ৰ প্ৰহৰী সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুন্ন ৰাখি মৌলিক সমস্যা সমূহ সমাধানত গুৰুত্ব দিবলৈ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ওচৰত দাবী জনায়৷ ৷ সভাত বক্তা সকলে নিজৰ নিজৰ বক্তব্যত  সংবাদ মাধ্যম আৰু  সাংবাদিকৰ ওপৰত  বাঢ়ি অহা  ভাবুকি আৰু ৰ্নিযাতন প্ৰতিৰোধ কৰাৰ বাবে তথা কত্তব্যৰত সাংবাদিকৰ নিৰাপত্তা সুনি(ত কৰাৰ স্বাৰ্থত ৰাজ্যত  এখন  বলিষ্ঠ ‘সাংবাদিক সুৰক্ষা আইন’ প্ৰনয়ণ কৰি  সন্মান সহকাৰে সাংবাদিক সকলক জীয়াই থকাত সহায় কৰিবলৈ   চৰকাৰ তথা  শাসক- বিৰুধী  সমূহ ৰ্নিবাচিত বিধায়কৰ প্ৰতি অনুৰোধ জনায়৷