এধানি মৰম
লখিমী শৰ্মা, যোৰহাট
মৰমেৰে আৱৰি ৰখা হিয়াৰ অলেখ অযুত ভালপোৱাৰ
শূণ্যতা পুৰাবানে তুমি হিয়া উজাৰি
হেপাঁহৰ দলিচাৰে সাঙুৰি ৰখা অজস্ৰ মৰমৰ,
বান্ধোনটো থাকিবলৈ দিবানে সজীৱ হৈ আজীৱন
মৰমৰ এক এনাজৰী বান্ধি
গোপনে আহি বিলাই দিবানে
এধানি মৰমৰ শূণ্যতা বোৰ নোহোৱা কৰি,
ভবামতে কথা বোৰ হ’ব নে পুৰন
মনে বিচৰা ধৰণে হ’বগৈ নে
উকা কপালত সেন্দুৰ পৰিবনে তোমাৰ নামৰ
হেপাঁহেৰে দিয়া আশা প্ৰতিশ্ৰুতিৰ
অন্ত পৰিবনে এদিনলৈ হ’লেও,
নে ভাঙি পৰিব ভাগৰুৱা কলিজাখন
বিষাদ ভৰা বেদনা হৈ নিৰন্তৰে
ভাঙি চিঙি শেষ হৈ ৰ’ব নেকি এবাৰলৈ ?
এধানি মৰমৰ সুবাস বিলাই দিয়া
হোমক সাক্ষী কৰি নিজৰ কৰি লৈ,
কথা দিয়া আজীৱন হৈ ৰ’বা তুমি মোৰ বুলি
চলাহী কথাৰে কথা নসলাবা তুমি,
নাভাবিবা তুমি মোক বুৰ্বক বলীয়া বুলি
নক’লেও বুজিবলৈ চেষ্টা কৰা
অন্তৰৰ বেদনাদায়ক স্মৃতি,
বিশাল আকাশৰ তলত থিয় দি
প্ৰশ্ন কৰা দুবাহু মেলি নিজক সুধি,
উত্তৰৰ সমিধান পাবা তেতিয়াহে তুমি
ভালপোৱাৰ গভীৰতাত তুমিও
আজি চাগে দুই নাও দুই ভৰি
গম পালোঁ যে মই কেতিয়াবা য়ে
তোমাৰ বতৰা, সৌ – সিদিনাৰ কথাবোৰৰ
আওল লগা কথাৰ গুৰি ।।