এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে গ্লেন মেক্সৱেলে

এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’লে গ্লেন মেক্সৱেলে

ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ এটা অধ্যায়ৰ অন্ত পৰিল। ১৩ বছৰীয়া এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰিলে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে। ৩৬ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে কয়, “চেম্পিয়নছ ট্ৰফীৰ সময়ত মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে মোক ২০২৭ চনৰ বিশ্বকাপত খেলাৰ বিষয়ে সুধিছিল। মই লগে লগে তেওঁক কৈছিলো যে তেতিয়া মই খেলিব পৰা অৱস্থাত নাথাকিম। মোৰ স্থানত আন যুৱ ক্ৰিকেটাৰক সুযোগ দিয়াৰ বাবে এইটোৱেই উপযুক্ত সময়।” ২০১২ চনত অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়াত অভিষেক ঘটা মেক্সৱেলে ৰাষ্ট্ৰীয় দলৰ হৈ ১৪৯খন মেচ খেলি ৩৯৯০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ৪টা শতক আৰু ২৩টা অৰ্ধশতিকা অন্তৰ্ভুক্ত। এদিনীয়া মেচত তেওঁৰ ষ্ট্ৰাইক ৰেট ১২৬.৭০, যিটো দ্বিতীয় সৰ্বাধিক। তেওঁ ৭৭টা উইকেটো দখল কৰিছে। অষ্ট্ৰেলিয়াৰ হৈ মেক্সৱেলে দুটাকৈ বিশ্বকাপ জয়ী দলত আছিল। ২০২৩ চনৰ বিশ্বকাপত আঘাতৰ মাজেৰেই আফগানিস্তানৰ বিৰুদ্ধে  ১২৮ বলত ২০১ ৰান সংগ্ৰহ কৰা ইনিংছটোৰ বাবেই  সৰ্বকাললৈ ক্ৰিকেট অনুৰাগীৰ মাজত স্মৰণীয় হৈ থাকিব মেক্সৱেল  মেক্সৱেলে অৱসৰৰ পিছত ২০২৬ চনৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতি, বিগবেছ লীগ আৰু অন্যান্য ইভেণ্টসমূহক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লৈছে । অৰ্থাৎ এতিয়া মেক্সৱেলে কেৱল টি-২০ ক্ৰিকেটতহে গুৰুত্ব দিব । মেক্সৱেলে চলিত ছিজনৰ আই পি এলত পঞ্জাব কিংছৰ হৈ খেলিছে যদিও আঘাতৰ বাবে আধাতে প্ৰতিযোগিতাখন এৰি নিজ দেশলৈ উভতি যায় ৷