এতিয়াৰ পৰা চৰকাৰী চিকিৎসালয়ত ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ’বঃস্বাস্থ্যমন্ত্ৰী

এতিয়াৰ পৰা চৰকাৰী চিকিৎসালয়ত ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ’বঃস্বাস্থ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাগৃহত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহলে  চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ উপলব্ধতা সন্দর্ভত এক সংবাদ মেল সম্বোধন কৰে। মন্ত্ৰী সিংহলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ ১০০  শতাংশ উপলব্ধ কৰি ৰাইজক সকাহ দিয়াৰ বাবে নিৰন্তৰ প্রয়াস কৰি আহিছে। অসমৰ ৰাইজে যাতে চিকিৎসালয়সমূহত ঔষধ পাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তিৰ জৰিয়তে চিকিৎসালয়সমূহত ঔষধৰ যোগান ব্যৱস্থাটোৰ পৰিৱৰ্তন সাধন কৰাৰ ব্যৱস্থা কৰা হৈছে। বর্তমান চিকিৎসা মহাবিদ্যালয়সমূহত ৩৫২ বিধ ঔষধ, জিলা চিকিৎসালয়ত ২৬১ বিধ, মহকুমা চিকিৎসালয়ত ২৬১ বিধ, সমূহীয়া স্বাস্থ্য কেন্দ্রত ২৬১ বিধ, প্রাথমিক স্বাস্থ্য কেন্দ্রত ১২৫ বিধ আৰু উপ-স্বাস্থ্য কেন্দ্রত ৩০ বিধ ঔষধ উপলব্ধ হয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ চৰকাৰী চিকিৎসালয়ত ঔষধ উপলব্ধ নাথাকিলে হোৱাটছএপযোগে বিভাগক অৱগত কৰিবলৈ ৯৮৬৪৫-৪১৪৩০ নম্বৰটো জাৰি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে যোৱা দুমাহৰ ভিতৰত ৰাজ্যখনৰ অতি ভিতৰুৱা অঞ্চলত ৯টা চিজাৰিয়ান অস্ত্রোপচাৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অতি সোনকালে ইয়াৰ সংখ্যা বৃদ্ধিকৰা হ’ব বুলি তেওঁ মন্তব্য কৰে। তদুপৰি চলিত বৰ্ষৰ ভিতৰত ৰাজ্যখনত এফ আৰ ইউৰ সংখ্যা ১০০খনলৈ বৃদ্ধিকৰাৰ লক্ষ্য ৰাখি বিভাগে প্রচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ জানিবলৈ দিয়ে। নতুনকৈ নিযুক্তি লাভ কৰা চিকিৎসকসকলক ‘দুৰ্গমৰ পৰা সুগম’ আঁচনিৰ অধীনত ৰাজ্যখনৰ অতি ভিতৰুৱা অঞ্চলত এবছৰ বাধ্যতামূলক চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰাৰ ফলত সেই অঞ্চলসমূহৰ ৰাইজ যথেষ্ট উপকৃত হৈছে বুলি তেওঁ কয়। ৰাজ্যৰ বিভিন্ন জিলাত এইচ আই ভি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিংহলে কয় যে বিভাগে এই দিশত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে বিভিন্ন সজাগতা সভাকে ধৰি প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে। তেওঁ কয় যে একমাত্ৰ চৰকাৰী প্ৰচেষ্টাত এই ৰোগ প্ৰতিৰোধ কৰিব পৰা নাযায়। এইক্ষেত্রত সমাজৰো যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰে। এই সংবাদ মেলখনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণ এছ আৰু কার্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী উপস্থিত থাকে।