এতিয়াও শেষ হোৱা নাই অপাৰেচন সিন্দূৰঃৰাজনাথ সিং

এতিয়াও শেষ হোৱা নাই অপাৰেচন সিন্দূৰঃৰাজনাথ সিং

ৰঙিলী বাৰ্ত্তাসেৱা- চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে পেহেলগামত নাৰকীয় নৰসংহাৰৰ যোগ্য প্রত্যুত্তৰ দি ভাৰতে চলোৱা অপাৰেচন সিন্দূৰক লৈ লোকসভাৰ মজিয়া উত্তাল হৈ পৰে। তাৰ মাজতে বিৰোধীক চোকা ভাষাৰে সমালোচনা কৰে কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ লোকসভাৰ মজিয়াৰ পৰাই সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰি অহা পাকিস্তানক হুংকাৰ- অপাৰেচন সিন্দূৰ এতিয়াও শেষ হোৱা নাই। সন্ত্রাসবাদক মষিমূৰ কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযান আপাততঃ সাময়িকভাৱে স্থগিত ৰখাহে হৈছে। পাকিস্তানৰ মাটি ব্যৱহাৰ কৰি সন্ত্রাসবাদীয়ে পুনৰ ভাৰতবিৰোধী ষড়যন্ত্রত লিপ্ত হ’লে তেনে শক্তিৰ ঘাটি মষিমূৰ কৰি পেলোৱা হ’ব। ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী সিঙে কোনো তৃতীয় পক্ষৰ হেঁচা অথবা চাপত নহয়, বৰঞ্চ পাকিস্তানৰ কাতৰ অনুৰোধতহে ভাৰতে যুদ্ধবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে। জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ মদদপুষ্ট সন্ত্রাসবাদীয়ে ধৰ্মৰ ভিত্তিত নিৰীহ পৰ্যটকক অতি নৃশংসভাৱে হত্যা কৰাৰ প্ৰসংগ দোহাৰি তেওঁ পুনৰ কয় যে সন্ত্রাসবাদীয়ে যি ভাষা বুজি পায় তেনে ভাষাৰেই ভাৰতৰ তৰফৰ পৰা উত্তৰ দিয়া হৈছে। দেশৰ বীৰ সেনা জোৱানসকলে প্রতিশোধ লৈছে নৃশংস হত্যাকাণ্ডৰ। তেওঁ জানিবলৈ দিয়া মতে, পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদীৰ ঘাটি মাটিৰ লগত মিহলাই দিয়াৰ পাছতে চিৰবৈৰী ৰাষ্ট্ৰখনৰ ডিৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপাৰেচনৰ তৰফৰ পৰা ভাৰতৰ অনুৰূপ পদমর্যাদাৰ বিষয়াক সমস্ত তথ্য অৱগত কৰোৱা হৈছিল। অৱশ্যে এনে তথ্য জনোৱাৰ পাছতো ১০ মে’ৰ নিশা ১.৩০ বজাত পাকিস্তানে ভাৰতৰ মাটিত ড্রোন-ক্ষেপণাস্ত্ৰৰে আক্রমণ চলায়। সেই আক্ৰমণ ভাৰতৰ এছ ৪০০ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই প্রতিহত কৰে। লোকসভাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙে পুনৰ কয় যে পেহেলগামৰ নাৰকীয় হত্যাকাণ্ডৰ প্ৰতিশোধকল্পে মাত্র ২২ মিনিটৰ ভিতৰতে পাকিস্তানে ভাৰতবিৰোধী ষড়যন্ত্ৰৰে পৃষ্ঠপোষকতা কৰা সন্ত্রাসবাদীৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ চলাইছিল। আনকি পাকিস্তানৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় সেনাই। ইয়াৰ বিপৰীতে কিন্তু ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰ কোনো ক্ষতি নহ’ল। সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত সদায়েই বদ্ধপৰিকৰ। অপাৰেচন সিন্দূৰৰ সময়ছোৱাত ভাৰতত কিমানসংখ্যক যুদ্ধ বিমান ধ্বংস হ’ল বুলি প্রশ্ন তোলা বিৰোধীক তেওঁ তীক্ষ্ণ কটাক্ষ কৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভাষ্য আছিল এনেধৰণৰ-ভাৰতৰ কিমানখন যুদ্ধ বিমান ধ্বংস হ’ল বিৰোধীয়ে সেয়া কিয় জানিব বিচাৰিছে? বিৰোধীৰ এনেধৰণৰ প্রশ্নসমূহে দেশৰ স্বাৰ্থক সমূলি প্রতিফলিত নকৰে। কিমান অস্ত্র বা কিমান বিমান ধ্বংস হ’ল, সেয়া জানিব বিচৰাতকৈ সন্ত্রাসবাদীৰ ঘাটি ভাৰতীয় সেনাই সফলতাৰে কিদৰে মষিমূৰ কৰিলে; সেইটোহে জিজ্ঞাস কৰাটো তেওঁলোকৰ বাবে উচিত আছিল। তেনেধৰণৰ বাক্যবাণেৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী সিঙে কার্যতঃ ক্ষয়-ক্ষতিৰ তথ্য জানিবলৈ বিচাৰি বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নক অবান্তৰ ৰূপে প্রমাণিত কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয়। এই প্রসংগত তেওঁ পুনৰ কয় যে অপাৰেচন সিন্দূৰৰ সময়ছোৱাত শত্ৰুৰ কিমানখন যুদ্ধ বিমান আমি ধ্বংস কৰিবলৈ সক্ষম হ’লোঁ সেই বিষয়ে বিৰোধীয়ে জানিবলৈ বিচৰা নাই। তেওঁলোকে প্রশ্ন কৰক ভাৰতে সন্ত্রাসবাদীৰ ঘাটি মাটিৰ লগত মিহলাই দিবলৈ সক্ষম হৈছে নে নাই? ইয়াৰ উত্তৰ হ’ল- হৈছে। অভিযানকালত আমাৰ বীৰ সেনাৰ কিবা ক্ষতি হৈছে নেকি? উত্তৰ- হোৱা নাই, আমাৰ কোনো সেনা হতাহত নহ’ল। আপোনালোকে জানিবলৈ বিচাৰক- অপাৰেচন সিন্দূৰ সফল হৈছে নে নাই? আমাৰ উত্তৰ- অপাৰেচন সিন্দূৰ সম্পূৰ্ণৰূপে সফল। উল্লেখ্য যে বিৰোধী শিবিৰে উত্থাপন কৰা দাবীমর্মে আজি লোকসভাৰ মজিয়াত অপাৰেচন সিন্দূৰক লৈ বিশেষ আলোচনাৰ সময় নিৰ্ধাৰণ কৰে অধ্যক্ষ ওম বিৰলাই। সেই অনুসৰি দিনৰ ১২ বজাৰ পৰাই বিশেষ আলোচনাৰ সময় ধাৰ্য কৰা হৈছিল। কিন্তু আৰম্ভণিৰ পৰাই বিষয়টোক লৈ সদনৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে। এনে পৰিস্থিতিত দিনৰ ১ বজাপৰ্যন্ত সদনৰ কাৰ্যসূচী স্থগিত ৰখা হয়। ইয়াৰ মাজতে অধ্যক্ষ ওম বিৰলাই বিৰোধী শিবিৰক উদ্দেশ্যি প্রশ্ন তোলে- আপোনালোকে প্রকৃততে বিষয়টোক লৈ আলোচনা হোৱাটো বিচাৰিছে নে নাই? ইমানৰ পিছতো বিৰোধী শিবিৰৰ বিক্ষোভ অব্যাহত থকাৰ পৰিণতিত দিনৰ ২ বজা পর্যন্ত সদনৰ কাৰ্যসূচী স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষ ওম বিৰলাই। ইতিমধ্যে নিৰ্ধাৰিত সময়সূচী অনুসৰি আজিৰ দিনটোত লোকসভাত ১৬ ঘণ্টা আৰু কাইলৈ ৰাজ্যসভাত পেহেলগাম কাণ্ডক লৈ বিশেষ আলোচনা হোৱাৰ কথা আছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী সিঙে উত্তাল পৰিস্থিতিৰ মাজতে লোকসভাৰ মজিয়াত বিষয়টোক লৈ ভাষণ দি বিশেষ আলোচনাৰ পাতনি মেলে। নিজৰ বক্তব্যত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী সিঙে কয় যে ভাৰতে পাকিস্তানৰ বায়ুসেনাৰ ঘাটিত আক্ৰমণ কৰাৰ পাছতে চিৰবৈৰী ৰাষ্ট্ৰখনে পৰাজয় স্বীকাৰ কৰিছে। ভৱিষ্যতে পাকিস্তানে যদি পেহেলগামৰ নৰসংহাৰৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ঘটায় তেন্তে পুনৰ অভিযান চলোৱা হ’ব। পাকিস্তানে বছৰৰ পাছত বছৰ ধৰি সন্ত্রাসবাদীক পৃষ্ঠপোষকতা আগবঢ়াই আহিছে। এই সন্ত্রাসবাদীসকলক খতম কৰাই আমাৰ অপাৰেচন সিন্দুৰৰ লক্ষ্য আছিল। যি মুহূর্তত আমাৰ লক্ষ্য পূৰণ হ’ল, তেতিয়াই অভিযান স্থগিত ৰখা হৈছে। কেন্দ্ৰীয় প্রতিক্ষা মন্ত্ৰী সিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ মধ্যস্থতাত ভাৰত-পাক যুদ্ধবিৰতি সম্ভৱ হোৱাৰ বিষয়টো নস্যাৎ কৰে। এই সম্পৰ্কত কাৰো নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে আন কাৰোবাৰ হেঁচাত অপাৰেচন সিন্দুৰ স্থগিত ৰখা হোৱা নাই। ভাৰতীয় সেনাৰ উচিত প্ৰত্যুত্তৰত পাকিস্তানৰ তৰফৰ পৰা যুদ্ধবিৰতিৰ অনুৰোধ জনোৱা হৈছিল। ১২ মে’ৰ দিনা দুয়োখন দেশৰ ডিৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপাৰেচনৰ মাজত হোৱা আলোচনামৰ্মে যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হয়। লক্ষণীয়ভাৱে লোকসভাৰ মজিয়াত হোৱা আজিৰ বিশেষ আলোচনাকালত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছসহ বিৰোধী শিবিৰ। বিশেষকৈ লোকসভাত কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি গৌৰৱ গগৈ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনার্জীয়ে চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হয়। তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কিদৰে ভাৰতৰ ভূমিত সন্ত্রাসবাদীয়ে প্ৰৱেশ কৰি নিৰীহ পৰ্যটকৰ প্ৰাণ লৈ পাকিস্তানলৈ পলায়ন কৰিবলৈ সক্ষম হ’ল সেই সন্দর্ভত প্রশ্ন উত্থাপন কৰে। সেইদৰে কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে কয় যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অপাৰেচন সিন্দূৰ সম্পৰ্কত যি ভাষ্য ৰাখিছে সেই একে কথাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দোহাৰিছে। কিন্তু কিদৰে পেহেলগামত পাকিস্তানৰ পৰা সন্ত্রাসবাদী আহি প্ৰৱেশ কৰিছিল সেই বিষয়ে দেশবাসীক তেওঁ এবাৰো নক’লে। অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টীৰ সাংসদ ৰামশংকৰ ৰাজভৰে কয় যে পেহেলগামৰ নৰহত্যাৰ প্ৰতিৰোধকল্পে ভাৰতবাসীয়ে অপাৰেচন সিন্দূৰ নহয়, বৰঞ্চ বিচাৰিছিল ‘অপাৰেচন তন্দুৰ’হে। অর্থাৎ আক্রমণকাৰী সন্ত্রাসবাদীসকলক তন্দুৰ বনাই দিয়াটো। ইমানতে ক্ষান্ত নাথাকি পেহেলগাম কাণ্ডৰ ১৭ দিন পাছতহে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়টো সম্পর্কতো তেওঁ প্রশ্ন উত্থাপন কৰি কয় যে অপাৰেচন সিন্দূৰত যি ১০০জনতকৈও অধিক সন্ত্রাসবাদীক নিধন কৰা হ’ল তাৰ মাজত পেহেলগামৰ আক্ৰমণকাৰী আছে নে নাই? সেইটোহে আটাইতকৈ ডাঙৰ প্রশ্ন। অৱশ্যে বিৰোধী শিবিৰৰ এনে প্রশ্নসমূহৰ যোগ্য প্রত্যুত্তৰ দিয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী সিঙে।