এডিআৰইৰ তৃতীয় বৰ্গৰ ৬,৩৪৭ প্রার্থীক নিযুক্তি-পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নিকা প্রশাসন, সেৱাত সততা আৰু স্বচ্ছ তথা মেধাভিত্তিক নিযুক্তিৰ জৰিয়তে আগুৱাই যোৱাৰ চৰকাৰী প্ৰতিশ্রুতি পুনৰ প্ৰতিপন্ন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আয়োজিত এক অনুষ্ঠানত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই)ৰ জৰিয়তে নিৰ্বাচিত তৃতীয় বৰ্গৰ পদৰ ৬,৩৪৭ গৰাকী প্রার্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰে। এই নিযুক্তিৰ লগে লগে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ অধীনত মুঠ চৰকাৰী নিযুক্তিৰ সংখ্যাই ১,৫৬,৬৭৯ৰ ঘৰ স্পৰ্শ কৰিলে। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- বৰ্তমানৰ ৰাজ্য চৰকাৰে মেধাৰ ভিত্তিত নিকা আৰু স্বচ্ছভাৱে চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ ৰূপত এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তিৰ পৰিসংখ্যাই ১.৫৬ লাখৰ ঘৰ অতিক্ৰম কৰিছে। লগতে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত নির্বাচিত বাকী থকা প্ৰাৰ্থীসকলৰ নিযুক্তি প্রক্রিয়া অহা ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পূৰ্ণ কৰা হ’ব।
মুখ্যমন্ত্রী ড° শর্মাই কয়-সমগ্র নিযুক্তি প্রক্রিয়াটো স্বচ্ছ আৰু আইনী জটমুক্ত হৈ আছে তথা উচ্চ ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে কোনো গোচৰ তৰা হোৱা নাই। অসমৰ এই মেধাভিত্তিক নিযুক্তিৰ আৰ্হি এতিয়া ভাৰতৰ অন্যান্য ৰাজ্যই অধ্যয়ন কৰি আছে। মুখ্যমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে যে যোৱা ২০২৩ চনৰ ১০ মে’ত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে ২৪,৭৮৭ গৰাকী প্রার্থীক নিৰ্বাচন কৰা হৈছিল, যাৰ ভিতৰত ১১,০৮৪ গৰাকীক তৃতীয় বৰ্গৰ আৰু ১৩,৭৩৯গৰাকীক চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া হৈছিল। দ্বিতীয় পর্যায়ত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে ৫০টা চৰকাৰী বিভাগৰ বাবে ৬ সহস্রাধিক প্রার্থীক নিৰ্বাচন কৰা হয় আৰু নথিপত্ৰ পৰীক্ষাৰ অন্তত ৬,৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক চৰকাৰী নিযুক্তিৰ বাবে যোগ্য বুলি বিবেচিত কৰা হয়। মুঠ প্ৰাৰ্থীৰ ভিতৰত সৰ্বাধিক ১,৭৬৪ গৰাকীক কৃষি বিভাগত, তাৰ পাছতে ৭৭২গৰাকীক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত, ৪৬০ গৰাকীক বিদ্যালয় শিক্ষা বিভাগত আৰু ৪৩৩ গৰাকীক সাধাৰণ প্ৰশাসন বিভাগত নিযুক্তি দিয়া হৈছে। তদুপৰি জলসিঞ্চন বিভাগত ২৮০, গৃহ আৰু ৰাজনৈতিক বিভাগত ১৭১, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগত ২৬১ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। নৱনিযুক্তিপ্রাপ্ত প্রার্থীসকলক অভিনন্দন জনাই মুখ্যমন্ত্রী ড° শর্মাই কয়-স্বচ্ছ আৰু মেধাভিত্তিক ব্যৱস্থাৰ জৰিয়তে চৰকাৰী চাকৰিত তেওঁলোকৰ এই নিযুক্তি এক মাইলৰ খুঁটি স্বৰূপ, যাৰ অৰ্থ হ’ল যে নিয়োগকর্তা আৰু কৰ্মচাৰী উভয়ে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা অৱলম্বন কৰিছে। গতিকে নৱনিযুক্তিপ্রাপ্ত প্রার্থীসকলক চৰকাৰী সেৱা আগবঢ়োৱাৰ সময়ত কোনোধৰণৰ অসৎ কামত লিপ্ত নহ’বলৈ তেওঁ আহ্বান জনায়।

নৱনিযুক্তিপ্রাপ্ত প্রার্থীসকলক দুর্নীতিৰ বিৰুদ্ধে একো একোজন যুঁজাৰু হিচাপে কাম কৰিবলৈ আৰু চৰকাৰী ব্যৱস্থাৰ ভিতৰত যাতে আন কোনেও দুর্নীতিত লিপ্ত নহয় সেয়া নিশ্চত কৰিবলৈও আহ্বান জনাই তেওঁ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ প্ৰয়োজনৰ প্ৰতি অত্যন্ত বিনম্র আৰু দয়ালু হ’বলৈও পৰামৰ্শ দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে কর্মক্ষেত্রত দায়িত্ব পালন কৰাৰ লগতে সমাজৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীয়ে যাতে তেওঁলোকৰ পৰা উচ্চমানৰ সেৱা লাভ কৰে, সেয়াও নৱনিযুক্ত কৰ্মচাৰীসকলে নিশ্চত কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে নতুনকৈ নিযুক্তি পোৱাসকলক ‘টীম আছাম’ৰ মনোভাব গঢ়ি তুলিবলৈ আৰু ৰাজ্য প্ৰশাসনত অধিক ইতিবাচক পৰিৱৰ্তন অনাত সহায় কৰিবলৈ আহ্বান জনাই কয়- প্ৰতিগৰাকী নবনিযুক্তই যাতে ফাইলৰ কাম-কাজ দ্রুতগতিত নিষ্পত্তি কৰাৰ বাবে সহযোগিতামূলক মনোভাব গ্রহণ কৰে। মুখ্যমন্ত্রীয়ে লগতে পর্যবেক্ষণ কৰে যে বহু চৰকাৰী কৰ্মচাৰীয়ে কেৱল চাকৰি নোপোৱালৈকেহে নতুন কথা শিকাৰ আগ্রহ বজাই ৰাখে। ফলস্বৰূপে, তেওঁলোক নিজৰ নিজৰ ক্ষেত্ৰত আহি থকা নতুনত্বৰ বিষয়ে অজ্ঞ হৈ থাকে।

এই সজাগতাৰ অভাবে তেওঁলোকক নিজৰ কামৰ মান উন্নত কৰাত বাধা দিয়ে আৰু জনসেবাত তেওঁলোকৰ সামগ্রিক প্রভাব সীমিত কৰে। সেয়েহে তেওঁ নবনিযুক্তিপ্রাপ্ত প্রার্থীসকলক তেওঁলোকৰ সেৱাৰ অন্তিম দিনলৈকে নিৰন্তৰ শিকাৰ মানসিকতা আৰু জ্ঞান আহৰণৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে নৱনিযুক্তিপ্রাপ্ত চৰকাৰী কর্মচাৰীসকলক তেওঁলোকৰ প্ৰথম দৰমহাৰে পিতৃ-মাতৃৰ বাবে কিবা এটা উপহাৰ দিবলৈ আৰু সম্ভৱ হ’লে তেওঁলোকৰ পৰৱৰ্তী দৰমহাৰে নিজ নিজ অঞ্চলৰ নামঘৰ তথা অন্যান্য ধর্মীয় অনুষ্ঠানৰ বাবে কিবা এটা বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনায়। এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মন্ত্রী অতুল বৰা, বিমল বড়া, মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব ড° ৰবি কোটা, কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজ’ৰিয়া, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন আৰু আন কেই বাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
